NORTHEAST NOW (Assamese)

মোদীৰ ‘মন কী বাত’ত স্থান পালে শ্বিলঙৰ চেৰী ফুলে

November 29, 2020 2:32 pm · এন ই নাও নিউজ
Updated: November 29, 2020 2:36 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অল ইণ্ডিয়া ৰেডিঅ’ যোগে তেওঁৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাত সম্প্ৰচাৰ কৰে।

৭১ সংখ্যক মন কী বাত অনুষ্ঠানত মোদীয়ে শ্বিলঙৰ চেৰী ফুলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মোদীয়ে কয় যে দেশত এতিয়া শীত পৰিছে।

শীতৰ হাত ধৰি ফুলি উঠিছে বিতোপন চেৰী ফুল। চেৰী ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আমি জাপানলৈ যাব নালাগে।

শ্বিলঙতে চেৰী ফুলে হাত বাউলি মাতি আছে বুলি মোদীয়ে কয়।

যিটো সময়ত দেশৰ কৃষকসকলে দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত আন্দোলন কৰি আছে সেই সময়তে মোদীয়ে আজি তেওঁৰ মন কী বাত অনুষ্ঠানত তিনিখনকৈ কৃষি আইনে দেশৰ কৃষকক সৱল কৰি তোলাত সহায় কৰিব বুলি কয়।

তেওঁ কয় যে কৃষি আইনে দেশৰ কৃষকসকলক পূৰ্বৰ শিকলিৰ পৰা মুক্ত কৰি নিজকে অধিক সমৃদ্ধশালী কৰি তোলাত অৰিহণা যোগাব।

তেওঁ কৃষি বিষয়ক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা শিক্ষাৰ্থীসকলক ওচৰৰ গাঁও সমূহলৈ গৈ কৃষক সকলক কৃষি ক্ষেত্ৰেত সংযোজন হোৱা আধুনিক ব্যৱস্থাৱলী সন্দৰ্ভত অৱগত কৰিবলৈ আহ্বান জনায়।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মোদীয়ে কয় যে যেতিয়ালৈকে কোভিডৰ ভেকচিন বজাৰলৈ নাহে তেতিয়ালৈকে দেশবাসীয়ে সাৱধানেৰে চলিব লাগিব।

তেওঁ দেশবাসীক কোভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায়।

Related News