NORTHEAST NOW (Assamese)

টিকটৰ পৰা বঞ্চিত: বিজেপি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ পুত্ৰই

January 21, 2022 7:52 pm · এন ই নাও নিউজ, গুৱাহাটী

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলীয় বেমেজালিয়ে দেখা দিছে গোৱা বিজেপিত। নিৰ্বাচনৰ বাবে বিজেপিৰ ঘোষিত তালিকাৰ পৰা বাদ পৰাৰ পিছত বিজেপি ত্যাগ কৰিছে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ পাৰিকাৰৰ পুত্ৰ উৎপল পাৰিকাৰে।

দল ত্যাগ কৰাৰ পাছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছে উৎপল পাৰিকাৰে। পাৰিকাৰে কয় যে তেওঁ এতিয়া নিজৰ মূল্যবোধৰ বাবে কিছু স্থিতি লোৱাৰ সময় আহি পৰিছে।

আজি সন্ধিয়া সাংবাদিকৰ আগত উৎপল পাৰিকাৰে কয়, “মই যোৱা আৰু এই নিৰ্বাচনৰ সময়তো মোৰ দলক বুজাবলৈ যথাসাধ্য চেষ্টা কৰিছিলো যে মই কেৱল দলৰ সকলো সদস্যৰ সমৰ্থনেই লাভ কৰা নাই, মই পানাজীৰ সাধাৰণ লোকসকলৰ সমৰ্থনো লাভ কৰিছো।”

“তথাপিও মই পানাজী সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ অক্ষম। যোৱা দুবছৰত সুবিধাবাদীভাৱে দললৈ অহা এজন ব্যক্তিক টিকট দিয়া হৈছে। সেয়েহে মই আগবাঢ়ি যাব বিচাৰো আৰু পানাজীৰ লোকসকলক মোৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিবলৈ দিব বিচাৰো।” তেওঁ কয়।

তিনিবাৰৰ গোৱাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনত বিজেপিৰ শীৰ্ষ নেতা মনোহৰ পাৰিকাৰৰ ২০১৯ চনত মৃত্যু হয়। এজন বহুল জনপ্ৰিয় নেতা হিচাপে তেওঁ পানাজী সমষ্টি ২৫ বছৰ ধৰি ৰাখিছিল।

উল্লেখ্য যে বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পৰা বঞ্চিত কৰাৰ পিছতে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে উৎপল পাৰিকাৰক আপ দললৈ আমন্ত্ৰণ জনাইছিল আৰু আপ দলৰ টিকটৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনাইছিল।

Related News