NORTHEAST NOW (Assamese)

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

January 24, 2021 7:18 pm · মানস প্ৰতিম গগৈ

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত আজি মাৰ্ঘেৰিটা মহকুমাৰ লিডু পাটকাই ষ্টেডিয়ামৰ পৰা পুৱা  ৬ বজাত অনুষ্ঠিত হয়  ৰাণ ফৰ স্বচ্ছতা শীৰ্ষক মাৰাথন দৌৰ।

পুৱা আৰম্ভ হোৱা এই মাৰাথন দৌৰত ১৫শ ৰো অধিক খেলুৱৈয়ে  অংশগ্রহণ কৰে।

লিডু পাটকাই ষ্ট্রেডিয়ামত আৰম্ভ হোৱা এই দৌৰ মাৰ্ঘেৰিটা নগৰৰ প’ল ফিল্ডত সামৰণি পৰে ।

এই উপলক্ষে প’ল ফিল্ডত অনুষ্ঠিত বঁ‌টা বিতৰণি  সভাত অসম চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ , তিনিচুকীয়া জিলা সাংবাদিক সংন্থাৰ সম্পাদক ৰাণা জ্যোতি নেওগ, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ, সাংবাদিক মানস প্ৰতিম গগৈ আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত  থাকি  বঁটা সমূহ বিতৰণ কৰে ।

এই মাৰাথন দৌৰত ল’ৰাৰ চিনিয়ৰ শাখাত সঞ্জয় ভূমিজ প্রথম, বিকাশ চাওতাল  দ্বিতীয় আৰু মানচিদ অৰেয়া তৃতীয় হয় ।

জুনিয়ৰ শাখাত অৰ্জুন সোণাৰ প্রথম হয়,  ছোৱালীৰ শাখাত জুনিয়ৰ শাখাত নমি ৰাভা প্রথম, দীপাঞ্জলী কুজুৰ দ্বিতীয় আৰু প্রিয়ংকা কৰ্মকাৰ তৃতীয় হয় ।

চিনিয়ৰ শাখাত লক্ষ্মী ভূমিজ প্রথম, পিংকী মাঝি দ্বিতীয় আৰু সীমা জাতপধৰা তৃতীয় হয় ।

Related News