NORTHEAST NOW (Assamese)
অসম

নিবনুৱা সমস্যা, মূল্যবৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ বিৰুদ্ধে মাৰ্ঘেৰিটা কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 29, 2019 6:06 pm
protest

ভয়াবহ অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত মাৰ্ঘেৰিটাত কংগ্ৰেছে আজি এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত আজিৰ দিনৰ প্ৰায় ১১.৩০ বজাত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সদস্য সকলে হাতে-হাতে বেনাৰ, ফেষ্টুন লৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, দেশৰ সোণ বিক্ৰীৰ অধিকাৰ কোনে দিলে?, নিবনুৱা সমস্যা সমাধান কৰক, আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।

ব্লক কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি অচিন্ত দাসৰ নেতৃত্বত অহা দলটোত ৰাজ্যিক উজনি অসমৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁই, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰবীণ ৰাজখোৱা, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বাসুদেৱ ছেত্ৰীকে ধৰি বহু কেইজন নেতা কৰ্মীয়ে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰবীণ ৰাজখোৱাই সংবাদ মাধ্যমৰ জৰিয়তে মাৰ্ঘেৰিটাৰ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰো মেৰামতিৰ দাবী উত্থাপন কৰে।