NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ড্ৰাগছ আৰু নগদ ধন সহ দুজন লোকক আটক; গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে জেৰা

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ September 5, 2021 9:08 am
Margherita drugs

মাৰ্ঘেৰিটাত মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে  শনিবাৰে মাৰ্ঘেৰিটাৰ দুটা বিভিন্ন স্থানত অভিযান চলাই ২৭ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে নগদ ৪৭ হাজাৰ টকা জব্দ কৰে ৷

ৰাজকুমাৰ ছেত্ৰী আৰু জগত বাহাদুৰ নামৰ দুজন ব্যক্তিক আৰক্ষীয়ে  আটক কৰি বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে ৰাজকুমাৰ ছেত্ৰী নামৰ ব্যক্তিজন বিজেপিৰ এজন স্থানীয় তথাকথিত নেতাৰ গাড়ী চালক বুলি জানিব পৰা গৈছে ৷

বৰ্তমান মাৰ্ঘেৰিটা আৰক্ষীয়ে PS u/s 21(b)/29 নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখ যে মাৰ্ঘেৰিটা তথা ইয়াৰ উপকন্ঠ অঞ্চলত ব্যাপক ৰূপত ড্ৰাগছ আসক্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে যুৱ প্ৰজন্ম ধ্বংস দিশে গতি কৰিছে।

ড্ৰাগছ তথা ৰাগিয়াল দ্ৰব্যৰ বিৰুদ্ধে অধিক কঠোৰ ব্যবস্থা ল’বলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে।