NORTHEAST NOW (Assamese)

CAA-ৰ বিৰুদ্ধে মৰিগাঁৱত অঃযাঃযুঃছাঃপৰ প্ৰতিবাদী সমদল

December 11, 2020 2:36 pm · এন ই নাও নিউজ
Updated: December 11, 2020 2:40 pm
ফটো : নৰ্থ-ইষ্ট নাও

এটা বৰ্ষ গৰকাৰ পিছত ‘কা’ৰ বিৰুদ্ধে আজি পুনৰ ৰাজ্যৰ দল-সংগঠন সমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁও চহৰতো আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন আমাক নালাগে, ‘কা’ আন্দোলনৰ শ্বহীদৰ ত্যাগ অথলে যাব দিয়া ন’হব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চহৰৰ সামগ্ৰীক পৰিবেশ উত্তপ্ত কৰি তোলে।

মৰিগাঁও স্কুল খেল পথাৰৰ পৰা সমগ্ৰ চহৰখনতে পৰিভ্ৰমন কৰা প্ৰতিবাদী সমদল কাৰ্যসূচী শুভাৰম্ভণি কৰে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিবাৰ্হক সদস্য ললিত চন্দ্ৰ পাচনিয়ে।

মৰিগাঁও বিহুতলিত সামৰণি পৰা আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অ যা যু ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে দ্বীপজ্যোতি বৈশ্য আৰু মিৰ্জা আৰিফ আলমকে ধৰি জিলাখনৰ বহুকেইটা দল-সংগঠনৰ লগতে প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে।

Related News