NORTHEAST NOW (Assamese)

ফেইচবুকৰ চি ই অ’ জুকাৰবাৰ্গৰ মৃত্যু! ভাইৰেল হোৱা প’ষ্টটোৰ সম্পৰ্কে কি ক’লে মাৰ্কে?

May 30, 2020 4:17 pm · এন ই নাও নিউজ
Updated: May 30, 2020 4:24 pm

বিশ্বৰ অতি জনপ্ৰিয় আৰু আটাইতকৈ বেছি প্ৰচলিত সামাজিক মাধ্যমৰ মঞ্চ ফেইচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গৰ মৃত্যু হৈছে!

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ জুকাৰবাৰ্গৰ মৃত্যু হোৱাৰ পূৰ্বে জুকাৰবাৰ্গে ৮ টা সন্তানসহ তিনিগৰাকী পত্নী এই পৃথিৱীত এৰি গৈছে।

এইদৰে সামাজিক মাধ্যমৰ চাইটত জুকাৰবাৰ্গৰ মৃত্যু হোৱা বুলি এটা প’ষ্ট ভাইৰেল হৈ পৰিছিল।

ফেইচবুকত ভাইৰেল হোৱা এই প’ষ্টটো এটা ফেক্ প’ষ্ট বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে।

উক্ত প’ষ্টটো অষ্ট্ৰেলিয়ান শোভেল নামৰ ব্যংগাত্মক ৱেবটাইটে সৃষ্টি কৰি ভাইৰেল কৰিছিল।

ইতিমধ্যে ফেইচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে এই সম্পৰ্কে নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

জুকাৰবাৰ্গে কয় যে, ‘এটা ব্যংগাত্মক বেৱচাইটে তেওঁৰ মৃত্যুৰ ঘোষণা কৰিছিল।’

ফেইচবুকৰ চি ই অ’ গৰাকীয়ে লগতে আৰু কয় যে, সামাজিক মাধ্যমত সত্যৰ সতে খেলা কৰাৰ লগতে প’ষ্ট সত্যাপন কৰাও উচিত নহয়।

অষ্ট্ৰেলিয়ান ব্যংগাত্মক ‘শোভেল’ ৱেবচাইটোৰ হেডলাইনটো প্ৰৰোচনামূলক তথা উত্তেজক বুলিও মন্তব্য কৰিছে জুকাৰবাৰ্গে।

ৱেবচাইটটোৱে হেডলাইনত লিখিছিল ‘৩৬ বছৰ বয়সত মাৰ্ক জুকাৰবাৰ্গৰ মৃত্যু হৈছে, সামাজিক যোগাযোগ মাধ্যমৰ চাইটত প’ষ্টৰ সত্যতা নিৰূপন কৰা উচিত নহয়।’

উক্ত প’ষ্ট নিমিখতে সামাজিক মাধ্যম ফেইচবুকত ভাইৰেল হৈ পৰিল।

Related News