NORTHEAST NOW (Assamese)
অসম

ভাৰতত বিবাহৰ পাছতহে যৌন সম্পৰ্ক স্থাপন হয় কিন্তু নিবনুৱা সমস্যাই বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে : মাৰ্কেণ্ডেয় কাটজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 1, 2020 1:30 pm
ভাৰতত বিবাহৰ পাছতহে যৌন সম্পৰ্ক স্থাপন হয় কিন্তু নিবনুৱা সমস্যাই বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে : মাৰ্কেণ্ডেয় কাটজু

‘‘ভাৰতৰ দৰে ৰক্ষণশীল সমাজ ব্যৱস্থাত মানুহে বিবাহৰ পাছত যৌন সম্পৰ্ক স্থাপন কৰে আৰু বৰ্তমান সময়ৰ নিবনুৱা সমস্যাই মানুহক বিবাহ সম্পন্ন হোৱাৰ পৰা বাৰণ কৰিছে,’’ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কেণ্ডেয় কাটজুই বুধবাৰে এইদৰে কয়।

সময়োচিত যৌন সম্পৰ্কহীনতাই মানুহক ধৰ্ষণ আদিৰ দৰে ভয়াবহ অপৰাধৰ মাজলৈ লৈ গৈছে বুলিও প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে লগতে মন্তব্য কৰে।

‘‘মই ধৰ্ষণৰ পক্ষ লৈ এই কথা কোৱা নাই, ইয়াৰ পৰিৱৰ্তে মই ধৰ্ষণৰ দৰে অপৰাধৰ তীব্ৰ বিৰোধিতা কৰো,’’ ন্যায়াধীশ মাৰ্কেণ্ডেয়ই পুনৰ কয়।

উল্লেখযোগ্য যে, দেশত ভয়াবহ ৰূপত নিবনুৱা সমস্যা বৃদ্ধিয়ে দেশত অপৰাধ বৃদ্ধিৰ অন্যতম এক কাৰণ বুলিও ন্যায়াধীশ গৰাকীয়ে মত ব্যক্ত কৰে।

উত্তৰপ্ৰদেশত সংঘটিত হোৱা দেশ কপাঁই যোৱা মনীষা ধৰ্ষণ কাণ্ডৰ পাছতে ভাৰতত পুনৰ এবাৰ ধৰ্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱা দেখা গৈছে।