NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ ধৰ্ষণ-হত্যা: আৰক্ষীৰ কব্জাত অভিযুক্ত হাটৰৰ্খি

January 3, 2019 4:57 pm · ৰিনয় বসুমতাৰী
Updated: January 3, 2019 6:36 pm
অভিযুক্ত নাৰ্জাৰী। ছবি- নৰ্থ ইষ্ট নাও।

নৱবৰ্ষৰ পহিলা দিনটোতে কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিৰ ৰামফলবিলত পথাৰত উদ্ধাৰ হোৱা তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকীৰ “ধৰ্ষণ আৰু হত্যাকাৰী” হাটৰৰ্খি নাৰ্জাৰীক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষী সূত্ৰ অনুসৰি হত্যাৰ কথা স্বীকাৰ কৰাৰ লগতে বিবাহিতা মহিলাগৰাকীৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক থকা বুলি স্বীকাৰোক্তি দিছে নাৰ্জাৰীয়ে।

কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত জালত পৰে আত্মগোপনকাৰী লোকজন। নাৰ্জাৰীৰ ঘৰো ৰামফলবিল অঞ্চলতে।

ঘটনাটো সন্দৰ্ভত চেৰফাংগুৰি থানাত এক গোচৰ (নং-০১/২০১৯) ৰজু হৈছিল।

নতুন বছৰৰ প্ৰথম দিনাই ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ৰূপনাথ ব্ৰহ্ম খেলপথাৰৰ সমীপৰ পথাৰত মহিলাগৰাকীৰ উলংগ মৃতদেহ উদ্ধাৰ হৈছিল।

জানিব পৰা মতে মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে কেৰালাত থাকে আৰু তেওঁ দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ মাতৃ।

Related News