NORTHEAST NOW (Assamese)
অসম

ইতিহাস ৰচিলে আৰৱে: মঙল গ্ৰহৰ কক্ষপথত প্ৰৱেশ ঘটিল আৰৱৰ মহাকাশযানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 3:25 pm
a red

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ আন বহু কেইখন আগশাৰীৰ দেশৰ সমান্তৰাল ভাবে আগুৱাই গৈছে তৈল সম্পদত চহকী দেশ সংযুক্ত আৰৱ গণৰাজ্যও।

শেহতীয়াকৈ সংযুক্ত আৰৱ গণৰাজ্যই ৰঙা গ্ৰহ মঙললৈ প্ৰেৰণ কৰিছে এখন মহাকাশ যান।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আৰৱে প্ৰেৰণ কৰা যান খনে মঙলবাৰে নিশা মঙল গ্ৰহৰ কক্ষ পথত সফলতাৰে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

আৰৱেই হৈছে মধ্যপ্ৰাচ্যৰ প্ৰথম খন দেশ যিখন দেশে ৰঙা গ্ৰহটোলৈ যান প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

বিগত প্ৰায় সাত মাহ ধৰি মহাকাশেৰে গতি কৰা যান খন পৃথিবীৰ পৰা প্ৰায় ৩০ কোটি মাইল নিলগত অৱস্থিত ৰঙা গ্ৰহ মঙলৰ কক্ষপথত প্ৰৱেশ কৰাৰ খবৰে এতিয়া বিশ্বৰ বিজ্ঞানী মহলক আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে।

সংযুক্ত আৰৱ গণৰাজ্যই মঙল গ্ৰহলৈ প্ৰেৰণ কৰা  যান খনৰ নাম ৰখা হৈছে ‘আমল’।

আৰৱী ভাষাৰ এই শব্দটোৰ অৰ্থ হৈছে আশা।

উল্লেখ্য বিশ্বৰ বহু কেই খন দেশে ইতিমধ্যে মঙল গ্ৰহলৈ যান প্ৰেৰণ কৰিছে যদিও কেৱল মাত্ৰ ৪০ শতাংশ অভিযানহে এতিয়ালৈকে সফল হৈছে।

বাকী ৬০ শতাংশ অভিযান শেষ মুহূৰ্তত গৈ বিফল হৈছে।

কিন্তু  সংযুক্ত আৰৱ গণৰাজ্যএ প্ৰথম অভিযানতে সফলতা লাভ কৰকাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দেশ খনৰ বিজ্ঞানীসকল।