NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত মাৰ্টিন ভিজকাৰাক পেৰুৰ ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 10, 2020 3:41 pm

দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত পেৰুৰ ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰা হয়।

চৰকাৰী কাম ঘোচ লৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল পেৰুৰ ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক।

সোমবাৰে পেৰুৰ সংসদত ১০৫ গৰাকী সদস্যই ৰাষ্ট্ৰপতি মাৰ্টিন ভিজকাৰাক অপসাৰণ কৰাৰ পক্ষত ভোটদান কৰাৰ বিপৰীতে মাত্ৰ ১৯ গৰাকী সদস্যই মাৰ্টিনৰ পক্ষত ভোট দিয়ে।

পেৰুৰ দক্ষিণ মোকগুয়া অঞ্চলৰ গৱৰ্নৰ হৈ থকা সময়ত মাৰ্টিন ভিজকাৰাকে ৬ লাখ ৪০ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত এটা ব্যক্তিগত প্ৰতিষ্ঠানক চৰকাৰী কাম দিয়াৰ অভিযোগ উঠিছিল।

গৱৰ্নৰ হৈ থকা সময়ত তেওঁ বাৰে বাৰে এই কথা অস্বীকাৰ কৰি আহিছিল।

আনহাতে, ৰাষ্ট্ৰপতি পদৰ পৰা মাৰ্টিনক অপসাৰণ কৰাৰ পাছতে কংগ্ৰেছৰ অধ্যক্ষ ম্যানুয়েল মেৰিনোক অহা বছৰ ৰাষ্ট্ৰপতি পদত স্থলাভিষিক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰাৰ পাছতে মাৰ্টিনে সংসদৰ ভোটৰ ৰায়দান মানি চলিব আৰু ইয়াৰ বিৰুদ্ধে কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰে বুলি মত প্ৰকাশ কৰে।