NORTHEAST NOW (Assamese)

ভাৰতত প্ৰথম ইলেক্ট্ৰিক গাড়ী লৈ আনিছে মাৰুতীয়ে; জানি লওক ইয়াৰ বেটাৰী আৰু ফিচাৰ

February 4, 2025 2:55 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ সৰ্ববৃহৎ যাত্ৰীবাহী গাড়ী নিৰ্মাতা কোম্পানী মাৰুতি চুজুকিয়ে প্ৰথমখন ইলেক্ট্ৰিক গাড়ী মাৰুতি চুজুকি ই ভিটাৰা মুকলি কৰিবলৈ ওলাইছে। এই ইলেক্ট্ৰিক এছ ইউ ভিৰ ডিজাইন, ফিচাৰ আৰু স্পেচিফিকেশন শেহতীয়াকৈ অটো এক্সপ২০২৫ত প্ৰকাশ পাইছে।

ভাৰতৰ ইলেক্ট্ৰিক যাত্ৰীবাহী বাহনৰ বজাৰত টাটা মটৰ্ছৰ আধিপত্য হ্ৰাস কৰিবলৈ মাৰুতি চুজুকিয়ে এই মডেলৰ ওপৰত ডাঙৰ বাজি ধৰিছে। অতি সোনকালে মুকলি হ’বলগীয়া এই গাড়ীখনৰ অফলাইন বুকিং ইতিমধ্যে দেশৰ নিৰ্বাচিত চহৰসমূহত আৰম্ভ হৈছে।

মাৰুতি চুজুকি ই ভিটাৰা বেটাৰী আৰু চাৰ্জিং ক্ষমতা

মাৰুতি চুজুকি ই ভিটাৰা তিনিটা ভেৰিয়েন্টত আছে – ডেল্টা, জেটা আৰু আলফা। ইয়াত দুটা বেলেগ বেলেগ বেটাৰী পেক বিকল্প থাকিব – ৪৯ কিলোৱাট আৱাৰ আৰু ৬১ কিলোৱাট আৱাৰ। এই দুয়োটা বেটাৰী পেকেই এবাৰ চাৰ্জত ৫০০ কিলোমিটাৰৰ ওপৰৰ ৰেঞ্জৰ প্ৰতিশ্ৰুতি দিয়ে। গাড়ীখনে ৭ কিলোৱাট এচি চাৰ্জিং আৰু ৭০ কিলোৱাট ডিচি ফাষ্ট চাৰ্জিং সমৰ্থন কৰিব, যিয়ে ফাষ্ট চাৰ্জিঙৰ সুবিধা প্ৰদান কৰিব। এটা বিশেষ বৈশিষ্ট্য হ’ল প্ৰতিটো ভেৰিয়েন্ট কেৱল এটা নিৰ্দিষ্ট বেটাৰী পেকৰ সৈতেহে আহিব। অৰ্থাৎ ক্ৰেতাসকলে কোনো ভেৰিয়েন্টৰ বাবে বেটাৰী পেক বাছি লোৱাৰ সুযোগ নাপাব।

মাৰুতি চুজুকি ই ভিটাৰা: ডেল্টা

মাৰুতি চুজুকি ই ভিটাৰাৰ বেচ ভেৰিয়েণ্ট হৈছে ডেল্টা, যাৰ সৈতে আহিব মাত্ৰ ৪৯ কিলোৱাট আৱাৰ বেটাৰী পেক। ইয়াৰ সন্মুখৰ দিশত থাকিব ইলেক্ট্ৰিক মটৰ, যিয়ে সৰ্বোচ্চ ১৪২ বিএইচপি শক্তি আৰু ১৯২.২ এনএম টৰ্ক উৎপাদন কৰিব পাৰিব। যদিও গাড়ীখনৰ নিৰ্দিষ্ট ৰেঞ্জ এতিয়াও প্ৰকাশ কৰা হোৱা নাই, তথাপিও সম্পূৰ্ণ চাৰ্জত ৫০০ কিলোমিটাৰ যাত্ৰা কৰিব বুলি আশা কৰা হৈছে।

টা ভেৰিয়েন্ট:

এই মিড লেভেল ভেৰিয়েণ্টটো কেৱল ৬১ কিলোৱাট আৱাৰ বেটাৰী পেকৰ সৈতেহে উপলব্ধ হ’ব। ইয়াত থকা ইলেক্ট্ৰিক মটৰে সৰ্বোচ্চ শক্তি উৎপাদন কৰিব ১৭১ বিএইচপি, কিন্তু টৰ্ক হ’ব ১৯২.৫ এনএম। এই ভেৰিয়েন্টৰ ৰেঞ্জো ৫০০ কিলোমিটাৰতকৈ অধিক হ’ব।

আলফা ভেৰিয়েন্ট:

ই ভিটাৰাৰ শীৰ্ষস্থানীয় ভেৰিয়েন্ট হৈছে আলফা। যিটোৰ সৈতে আহিব ৬১ কিলোৱাট আৱাৰ বেটাৰী পেক। ইয়াৰ শক্তি আৰু টৰ্ক আউটপুট জেটা ট্ৰিমৰ দৰেই হ’ব। এই ভেৰিয়েন্টৰ ৰেঞ্জো ৫০০ কিলোমিটাৰতকৈ অধিক হ’ব।

উল্লেখ্য যে মাৰুতি চুজুকি ই ভিটাৰাই ভাৰতৰ ইলেক্ট্ৰিক বাহনৰ বজাৰত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। বৰ্তমান ইভি ছেগমেণ্টত টাটা মটৰ্ছে আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে মাৰুতি চুজুকিৰ প্ৰথমখন ইলেক্ট্ৰিক এছইউভি তেওঁলোকৰ মূল প্ৰতিযোগী হ’ব পাৰে। কোম্পানীটোৱে আশাবাদী যে এই মডেলে বজাৰত ইয়াৰ শক্তিশালী বেটাৰী, উন্নত চাৰ্জিং ছাপোৰ্ট, আৰু প্ৰতিযোগিতামূলক মূল্যৰ সৈতে বজাৰত খলকনি তুলিব।

Related News