NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ লাখতকৈ কম মূল্যৰ দুখন গাড়ী নিৰ্মাণ কৰি আছে মাৰুতি চুজুকীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2020 1:03 pm
Maruti

অন্যান্য গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানৰ দৰে মাৰুতি চুজুকীয়েও ভাৰতত বিগত এটা বৰ্ষত গাড়ীৰ বিক্ৰী হ্ৰাস পোৱা সমস্যাৰ সৈতে যুঁজিবলগীয়া হৈছে।

মাৰুতি চুজুকীয়ে ইয়াৰ গাড়ী বিক্ৰী হ্ৰাস হোৱা বিষয়ত আলোচনা কৰি বিক্ৰী বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

জানিব পৰা মতে ভাৰতৰ অগ্ৰণী বাহন নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকীয়ে পাঁচ লাখ টকা মূল্যৰ ভিতৰত দুখন নতুন বাহন প্ৰস্তুত কৰি আছে।

মাৰুতি চুজুকীৰ উপৰিও হুণ্ডাই আৰু টাটা মট’ৰছে দেশত কম মূল্যৰ বাহন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কাম কৰি আছে।

কম মূল্যৰ বাহন নিৰ্মান কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠান সমূহে ইয়াৰ বাবে প্ৰয়োজনীয় সুৰক্ষা দিশ সমূহ আৰু অন্যান্য দিশ সমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

মাৰুতি চুজুকী ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক কেনিচি য়ুকাৱাই পাঁচ লাখ টকা মূল্যৰ ভিতৰত নিৰ্মাণ হ’বলগীয়া বাহন দুখন সম্বন্ধে জনিবলৈ দিয়ে।

মাৰুতি চুজুকীয়ে ৮০০ চিচিৰ নতুন আৰ্হিৰ দুখন বাহন বৰ্তমান প্ৰস্তুত কৰি আছে বুলি সঞ্চালক গৰাকীয়ে কয়।

মাৰুতি চুজুকীয়ে কেতিয়া বাহন দুখন বজাৰত মুকলি কৰি দিব সেই সম্বন্ধে বৰ্তমানলৈ কোনোধৰণৰ তাৰিখ ঠিক কৰা নাই যদিও এই বছৰৰ শেষৰ ফালে নহলে অহা বছৰৰ আৰম্ভণিতে গাড়ী দুখন বজাৰত মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।