NORTHEAST NOW (Assamese)

আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ আহ্বান

February 10, 2021 11:17 am · চানু গগৈ
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। ফাইল ফটো

কুইপ কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সৈতে বুজাপৰাৰে অপহৃত বিষয়া দুগৰাকীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰি উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান জনাইছে মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)য়ে।

প্ৰায় দুমাহধৰি কুইপৰ বিষয়া-কৰ্মচাৰী দুগৰাকী প্ৰতি চৰকাৰ তথা কুইপ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টোৰ প্ৰতি আক্ষেপ তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাছে আলফাক মানৱতাৰ খাতিৰত কুইপৰ অপহৃত বিষয়া দুগৰাকীৰ প্ৰতি কোনো ধৰণৰ চৰম শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰি ৰক্তপাতহীন উপায় অৱলম্বন কৰিবলৈ আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকীক মাছে আহ্বান জনায়।

একেদৰে, বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীৰে দিল্লী সীমান্তত দীৰ্ঘ সময় ধৰি প্ৰতিবাদ অব্যাহত ৰখা কৃষকৰ সকলৰ সৈতে চৰকাৰে আলোচনাৰ মাধ্যমেৰে সমাধান সূত্ৰ উলিওৱাৰ বাবেও মাছে চৰকাৰলৈ আহ্বান জনায়।

আনহাতে অসম চৰকাৰে লাইকা-দধিয়া আৰু মিকিৰ বামুণী গ্ৰান্টৰ কৃষকসকলৰ ওপৰত যি জন বিৰোধী স্থিতিৰে খিলঞ্জীয়া কৃষকৰ ওপৰত বৈষম্য মূলক দৃষ্টি ভংগী লৈছে তাক অতি শীঘ্ৰে বন্ধ কৰি জনগণৰ পক্ষত থাকি উক্ত ভুক্তভোগী কৃষকসকলৰ গুৰুত্বপূৰ্ণ অধিকাৰ আৰু সমস্যা সমাধান কৰিবলৈয়ো মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছৰ অধ্যক্ষ আদিত্য লহকৰ, কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া আৰু ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই প্ৰেছ বিজ্ঞপ্তি যোগে আহ্বান জনায়।

Related News