NORTHEAST NOW (Assamese)
অসম

চামগুৰিত নিশা বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত ১০ খনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা November 2, 2019 9:11 am
Samaguri Fire

নগাঁও জিলাৰ চামগুৰিৰ মোৱামাৰী দৈনিক বজাৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত অতিকমেও দহখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডোটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, প্ৰথমে এখন ঔষধৰ দোকানত জুই লাগে আৰু তাৰ পৰা জুইৰ সম্প্ৰসাৰণ ঘটি অন্য দোকান সমূহলৈ বিয়পি পৰে।

অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰত্যক্ষ কৰি অঞ্চলটোত উপস্থিত হোৱা সীমান্ত বাহিনীৰ জোৱান সকলে স্থানীয় লোকৰ সহযোগত কিছু পৰিমাণে অগ্নি নিৰ্বাপনৰ চেষ্টা চলায়।

আনহাতে, অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতো মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত থকা চামগুৰি সোণোৰিবালীৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্য্যালয়ৰ পৰা ঘটনাস্থলীত উপস্থিত হ’বৰ বাবে এঘণ্টাৰো অধিক সময় লগাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

অগ্নিকাণ্ডটোৰ ফলত ব্যৱসায়িক অঞ্চলটোৰ প্ৰায় বিশ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱা বুলি ধাৰণা কৰা হৈছে।