NORTHEAST NOW (Assamese)

গোলাঘাটৰ সুভাষ কলনিত ভয়াৱহ অগ্নিকাণ্ড : লক্ষাধিক সম্পত্তিসহ এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত

April 18, 2021 1:59 pm · মীনাক্ষী ফুকন
Updated: April 18, 2021 2:01 pm
প্ৰতিনিধিত্বমূলক ফ'টো

গোলাঘাটৰ সুভাষ কলনিত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল এটি ঘৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি।

জানিব পৰা মতে জছপাল সিং নামৰ ব্যক্তিজনৰ ভাড়া ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

এগৰাকী বৃদ্ধা মহিলাই ভাড়াতীয়া হিচাবে থকা ঘৰটো সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে কাষতে সংযোগ হৈ থকা অংগনবাদীৰ এটা কেন্দ্ৰ আৰু ৰাধা কৃষ্ণ কৰ্মকাৰ নামৰ লোকজনৰ বাসগৃহটো সামান্য পৰিমাণে অগ্নিদগ্ধ হৈছে।

অৱশ্যে এই মুহূৰ্তলৈকে ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ আৰু অগ্নিকাণ্ড সংঘটিত হোৱা কাৰণ জানিব পৰা হোৱা নাই যদিও চুবুৰীয়া লোকৰ ভাষ্য অনুসৰি ঘৰটোত বাস কৰা বৃদ্ধাগৰাকীৰ অসাৱধানতাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হ’বলৈ পালে।

উল্লেখ্য যে, অগ্নি নিৰ্বাপক বাহিনী আহি পোৱাৰ পূৰ্বেই স্থানীয় লোকৰ প্ৰচেষ্টাত এই জুই নিৰ্বাপিত কৰা হয়।

ইপিনে অতি ঘন বসতিপূৰ্ণ অঞ্চলটোৰ বাট-পথ ঠেক হোৱাৰ বাবে শেষ মুহূৰ্তত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে বহু দূৰৰ পৰা জুই নুমোৱাবলৈ চেষ্টা কৰা দেখা যায়।

Related News