NORTHEAST NOW (Assamese)

দিপাৱলীৰ মাজতে গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড; ভস্মীভূত ৩টা ঘৰ

November 7, 2018 10:19 pm · এন ই নাও নিউজ

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে আজি সন্ধিয়া গুৱাহাটী মহানগৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। মহানগৰীৰ ধীৰেনপাৰাত এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে ধীৰেনপাৰাৰ মায়া চক্ৰবৰ্তী নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা সূত্ৰপাত হোৱা উক্ত অগ্নিকাণ্ডৰ জুইত তিনিটাকৈ বাসগৃহ জাহ যায়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। তেওঁৰ ঘৰত থকা ৩টা চিলিণ্ডাৰ বিস্ফোৰণ হয়। উল্লেখযোগ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইখিনিৰ সমীপত ১৫ টাতকৈ অধিক ঘৰ ভাৰাতীয়া হিচাপে আছে।

অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৬ লাখ টকাৰ সম্পত্তিৰ ক্ষতি হোৱাৰ সন্দেহ কৰা হৈছে। বাতৰি লিখা পৰলৈকে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমাবৰ চেষ্টা অব্যাহত ৰাখিছে।

Related News