NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল বাসগৃহ

October 17, 2021 8:55 am · মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
Updated: October 17, 2021 8:58 am

মাৰ্ঘেৰিটাৰ লিডু চাহ বাগিছাৰ ২নং লাইনত কালি পুৱতি নিশা এটা বাসগৃহত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অঞ্চলটোৰ বাসিন্দা মৌচুমী গড়ৰ বাসগৃহটো এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ জাহ যায়।

দুটি সন্তানৰ মাতৃ বিধৱা মহিলা গৰাকীৰ বাসগৃহটোত জুই লগাৰ ফলত ঘৰটোৰ সকলো আচবাব জুইৰ লেলিহান শিখাই সম্পূৰ্ণ ভস্মীভূত কৰাত মৌচুমীৰ জীৱনলৈ কাল অমানিশা নামি আহিছে।

স্থানীয় দল সংগঠন, চৰকাৰ প্ৰশাসনৰ পৰা মৌচুমীয়ে সহায় ভিক্ষা কৰিছে। পুৱতি নিশা বাসগৃহটোত কি দৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেই সন্দৰ্ভত এই মূহুৰ্ত্বলৈকে জানিব পৰা হোৱা নাই।

অন্যহাতে ঘটনাস্থলীত আজি আছা’ৰ এটা প্ৰতিনিধি দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ভুক্তভোগী পৰিয়ালটোক ক্ষতিপুৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক দাবী জনাইছে।

Related News