NORTHEAST NOW (Assamese)
অসম

চামগুৰিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড : লক্ষাধিক সম্পত্তিসহ এটি বাসগৃহ ভস্মীভূত

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা December 6, 2020 5:56 pm
Fire

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ সুঁতাৰ মুছলমান গাঁৱত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত এটা বাসগৃহ ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

জানিব মতে ইমতাজ আলীৰ বাসগৃহত আজি বিয়লি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

পৰৱৰ্তী সময়ত উক্ত অগ্নিৰ পৰাই চিলিণ্ডাৰ বিস্ফোৰণ ঘটি জুই সমগ্ৰ ঘৰটোতে বিয়পি পৰাত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় আৰক্ষীক খবৰ দিয়া হয়।

পিছত ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীয়ে আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

স্থানীয় লোকৰ মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড ঘটা বুলি সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য উদ্ঘাটন হ’ব।

ইপিনে সমীপৰ মুকেশ আলীৰ বাসগৃহটো জুই বিয়পি পৰাত কিছু ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে।