NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন : ৰাজীৱ গান্ধী খেলৰত্ন বঁটা চৰকাৰক ওভতাই দিব বক্সাৰ বীজেন্দ্ৰ কুমাৰে

December 6, 2020 4:58 pm
Bijendra Singh

অলিম্পিকৰ পদক বিজয়ী ভাৰতীয় প্ৰাক্তন বক্সাৰ বীজেন্দ্ৰ কুমাৰে সমৰ্থন আগবঢ়াইছে দিল্লীৰ কৃষক বিদ্ৰোহলৈ। দেওবাৰে তাৰকা বক্সাৰ গৰাকীয়ে চিঙ্ঘু সীমান্ত উপস্থিত হৈ প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে চামিল হয়।

তাৰকা বক্সাৰ গৰাকীয়ে কৃষকসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ এনআইএৰ আগত কয় “যদি চৰকাৰে এই ক’লা আইনসমূহ বাতিল নকৰে, মই ৰাজীৱ গান্ধী খেলৰত্ন বঁটা চৰকাৰক ওভতাই দিম।”

উল্লেখ্যে যে পঞ্জাৱৰ প্ৰাক্তন তাৰকা বক্সাৰগৰাকীয়ে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছত যোগদান কৰি সংসদীয় নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আজি তাৰকা বক্সাৰ গৰাকীৰ সৈতে চিঙ্ঘু সীমান্ত অৰ্জুন বঁটা বিজয়ী হকী খেলুৱৈ ৰাজবীৰ সিং আৰু গুৰমেইল সিং, প্ৰাক্তন কুস্তি খেলুৱৈ কাৰ্টাৰ সিং, প্ৰাক্তন বক্সাৰ জয়পাল সিং আৰু ধ্যানচাঁদ বঁটা বিজয়ী অজিত সিঙো প্ৰতিবাদকাৰী কৃষকসকলৰ লগত চামিল হয়।

“সজ্জন সিং ছীমাৰ দৰে আৰু বহু ক্ৰীড়াবিদে আমাৰ লগতে কৃষক বিদ্ৰোহলৈ সমৰ্থন আগবঢ়াইছে। স্বাস্থ্যজনিত কাৰণত তেওঁলোক আমাৰ সৈতে উপস্থিত থাকিব পৰা নাই।” পদ্মশ্ৰী আৰু অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ কাৰ্টাৰ সিঙে পিটিআইক কয়।

শনিবাৰে ৰাজবীৰ কৌৰে ৰাষ্ট্ৰপতিয়ে সাক্ষাতৰ বাবে সময় নিদিলে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত চৰকাৰে প্ৰদান কৰা বঁটাসমূহ ওভতাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

ইফালে যোৱা ১১ দিনে নিৰন্তৰভাৱে প্ৰতিবাদ সাৱস্ত্য কৰি থকা কৃষক সংগঠনসমূহে নিজৰ স্থিতিত এতিয়াও অটল হৈ আছে।

ইতিমধ্যে চৰকাৰৰ সৈতে অনুষ্ঠিত পাঁচলানিকৈ আলোচনা ব্যৰ্থ হৈছে বুলি ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। তেওঁলোকে চৰকাৰৰ পৰা পোনপটীয়াকৈ উত্তৰ বিচাৰি কৈছে যে তিনিখন কৃষি আইন চৰকাৰে বাতিল কৰিব নে নাই সেয়া চৰকাৰে স্পষ্টৰূভাৱে প্ৰকাশ কৰিব লাগিব।

আনহাতে পঞ্চমলানি আলোচনাও ব্যৰ্থ হোৱাৰ পিছতে অহা ৮ ডিচেম্বৰত কৃষক সংগঠনসূহে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছে।