NORTHEAST NOW (Assamese)
অসম

মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন; বেকী নৈত পৰি এগৰাকী পৰ্যটকৰ সলিল সমাধি

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ December 6, 2020 4:37 pm

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত এটা শোকাৱহ ঘটনা সংঘটিত হৈছে। বনভোজস্থলীৰ গাতে লাগি থকা বেকী নৈত পৰি এগৰাকী পৰ্যটকৰ সলিল সমাধি ঘটিছে।

বনভোজ খাবলৈ অহা লোকজনে নাৱত উঠি আনন্দ উপভোগ কৰি থকা অৱস্থাতে নাৱৰ পৰা পৰি যায়।

ইয়াৰ ফলত নৈৰ খৰস্ৰোতা সোঁতে উটুৱাই লৈ যায় চন্দন চৌধুৰী নামৰ লোকজনক।

জানিব পৰা মতে পাঠশালাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিয়ালসহ বনভোজ খাবলৈ আহিছিল লোকজন।

এই ঘটনাৰ পিছতেই এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হৈছিল যদিও প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগিতাত প্ৰায় ২ ঘন্টাৰ পিছত মৃত্যুদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনাৰ পিছতে কান্দোনত ভাগি পৰিছে চন্দন চৌধুৰীৰ পত্নীসহ দুটি কণমানি শিশু।

ইফালে, এই শোকাৱহ দুৰ্ঘটনাটোৰ পিছতেই প্ৰশাসনে কেইবাখনো নাও জব্দ কৰে।

পৰ্যাপ্ত সা-সুবিধা অবিহনেই নাওসমূহে নৌকাবিহাৰৰ ব্যয়সায় চলাই নিয়াৰ বাবে উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে বিভিন্নজনে।