NORTHEAST NOW (Assamese)

গণতন্ত্ৰৰ মন্দিৰত বিজেপি সাংসদৰ কালিমা: মুছলমান সাংসদক সংসদৰ ভিতৰতে চৰম সাম্প্ৰদায়িক শব্দৰে আক্ৰমণ

September 22, 2023 3:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 22, 2023 3:31 pm

G20 সন্মিলনত ভাৰতবৰ্ষক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ তথা গণতন্ত্ৰৰ মাতৃ আখ্যা দি ব্যাপক প্ৰচাৰ চলোৱা বিজেপিয়ে গণতন্ত্ৰৰ মন্দিৰ খ্যাত সংসদ ভৱনতে প্ৰকাশ কৰিলে চৰম অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক আচৰণ। বিজেপি সাংসদৰ চৰম সাম্প্ৰদায়িক মন্তব্যই দেশৰ ৰাজনীতি কৰি তুলিছে উত্তাল।

দিল্লীৰ বিজেপি সাংসদ ৰমেশ বিধুৰীৰ চূড়ান্ত ঘৃণনীয় মন্তব্যক কেন্দ্ৰ কৰি তোলপাৰ লাগিছে দেশৰ ৰাজনীতি। লোকসভাত চন্দ্ৰযানৰ সফলতা সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত বিধুৰীয়ে বিএছপিৰ সাংসদ দানিশ আলীক চৰম আপত্তিজনক আৰু অসাংবিধানিক মন্তব্যৰে আক্ৰমণ কৰে।

বিধুৰীৰ ভাষণৰ সময়তে দানিশ আলীয়ে এক মন্তব্য কৰাৰ পিছত বিজেপি সাংসদগৰাকী উত্তেজিত হৈ পৰে আৰু দানিশ আলীক ‘মোল্লা’, ‘ভৰৱা’, ‘কাটৱা’ আদি শব্দৰে গালি-গালাজ কৰাৰ লগতে সন্ত্ৰাসবাদী/আতংকবাদী আখ্যা দিয়ে।

লক্ষণীয়ভাৱে বিধুৰীৰ এনে অশালীন আচৰণৰ সময়ত তেওঁৰ ঠিক পিছৰ আসনত থকা দুগৰাকী বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধন আৰু ৰবিশংকৰ প্ৰসাদে হাস্যবদনে এই দৃশ্য উপভোগ কৰাক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে।

 

ইফালে বিজেপি সাংসদগৰাকীৰ এই আপত্তিজনক ব্যৱহাৰক লৈ সৰৱ হৈ পৰিছে বিৰোধী। বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিৰোধীয়ে। আম আদমী পাৰ্টিয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংসদৰ ইতিহাসৰ আটাইতকৈ ক’লা দিন বুলি অভিহিত কৰে।

বিধুৰীৰ ভাষণৰ ভিডিঅ’ শ্বেয়াৰ কৰি এটা পোষ্টত আপে কয়, “সংসদত অধ্যক্ষৰ সন্মুখতে এনে ধৰণৰ কথাৰে বিজেপিৰ দিল্লীৰ এগৰাকী সাংসদ আন এগৰাকী মুছলমান সাংসদক আক্ৰমণ কৰিছে। এয়া নেকি বিজেপিৰ সংস্কৃতি?”

আৰজেডিৰ সাংসদ মনোজ ঝাই বিধুৰীৰ এই আচৰণত দুখ পোৱা উল্লেখ কৰে যদিও এনে ঘটনাত আচৰিত হোৱা নাই বুলিও মন্তব্য কৰে। এয়াই প্ৰধানমন্ত্ৰীৰ ‘বসুধৈৱ কুটুম্বকম’ৰ সত্য বুলি বিজেপি তথা প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰে ঝাই।

মনোজ ঝাই কয়, “সংসদতে যেতিয়া এগৰাকী সাংসদৰ ক্ষেত্ৰত এনে শব্দ ব্যৱহাৰ কৰা হৈছে, তেন্তে মুছলমান, দলিতসকলৰ বিৰুদ্ধে কেনেধৰণৰ ভাষাক বৈধতা দিয়া হৈছে আমি ভাবিব লাগিব। এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে ৰমেশ বিধুৰীৰ ওপৰত এটা শব্দও ক’ব পৰা নাই।”

আনহাতে এক বিবৃতি যোগে চিপিআই (এম)- এ ৰমেশ বিধুৰীক গ্ৰেপ্তাৰৰ দাবী জনায়। এনে ভাষণৰ বাবে কোনো সাংসদে বিশেষাধিকাৰ দাবী কৰিব নোৱাৰে বুলি উল্লেখ কৰে বাওঁ দলটোৱে।

চিপিআই (এম)- এ লগতে বিজেপি সাংসদগৰাকীৰ মন্তব্য উচ্চতম ন্যায়ালয়ে উল্লেখ কৰা অনুসৰি আটাইতকৈ ভয়ংকৰ ঘৃণামূলক ভাষণ বুলি আঙুলিয়াই দিয়ে।

নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই বিধুৰীয়ে এক টুইট যোগে বিধুৰীৰ এই মন্তব্যৰ দ্বাৰা মুছলমানসকলৰ বিৰুদ্ধে ঘৃণাৰ পৰিৱেশ মূলসুঁতিলৈ লৈ অহা হৈছে বুলি উল্লেখ কৰে আৰু পূৰ্বে কেতিয়াও এনে হোৱা নাছিল বুলি দোহাৰে।

কিমান সহজে এনেধৰণৰ ঘৃণনীয় ভাষা এগৰাকী ‘মাননীয়’ সাংসদৰ মুখৰ পৰা ওলাব পাৰে বুলি আশ্চৰ্য প্ৰকাশ কৰি আব্দুল্লাই লগতে বিজেপিৰ সৈতে মিত্ৰতাত থকা মুছলমানসকলে কেনেদৰে এই স্তৰৰ ঘৃণাৰ সৈতে সহাৱস্থান কৰে বুলি প্ৰশ্ন কৰে।

ইফালে বিৰোধীৰ এনে সামূহিক প্ৰতিক্ৰিয়াৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সদনত বিধুৰীৰ মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰে যদিও বিৰোধীয়ে প্ৰতিৰক্ষা মন্ত্ৰীৰ ক্ষমাপ্ৰাৰ্থনাই যথেষ্ট নহয় বুলি উল্লেখ কৰে আৰু বিধুৰীক নিলম্বনৰ দাবী জনায়।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এয়া এক চৰম লজ্জাজনক ঘটনা আখ্যা দি ৰাজনাথ সিঙৰ ক্ষমাপ্ৰাৰ্থনা দায়সৰা ধৰণৰ বুলি মন্তব্য কৰে। বিধুৰীৰ মন্তব্য সংসদৰ লগতে প্ৰতিগৰাকী ভাৰতীয়ৰ অপমান বুলি উল্লেখ কৰি ৰমেশে এনে আচৰণৰ বাবে যথাযথ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আনহাতে বিৰোধীৰ এনে দাবীৰ পিছতো বিজেপি সাংসদগৰাকীক কেৱল সকীয়নিহে প্ৰদান কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। আজি অধ্যক্ষগৰাকীয়ে বিধুৰীক এনে আচৰণৰ পুনৰাবৃত্তি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে।

Related News