NORTHEAST NOW (Assamese)

জাগীৰোডৰ পলাহগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ দূৰ্ঘটনা : ১ গৰাকী মহিলাসহ আহত ৪

December 28, 2020 9:12 pm · চানু গগৈ

সোমবাৰে সন্ধিয়া জাগীৰোডৰ পলাহগুৰি ৩৭ ৰাষ্ট্ৰীয় ঘাই পথত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাটোত এখন তেল পৰিবাহী টেংকাৰৰ লগতে এখন এল্টো বাহনখন সম্পুৰ্ণ ৰূপে ভস্মীভূত হৈছে৷

ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটী অভিমুখী তেল পৰিবাহী টেংকাখন হঠাতে ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে।

টেংকাৰ বাগৰি পৰা ফলত থিতাতে সমগ্ৰ টেংকাৰখনকে জুইয়ে আগুৰি ধৰে।

ইফালে টেংকাৰখনৰ পিছে পিছে গুৱাহাটী অভিমুখে আহি থকা এখন এল্টো বাহনতো অগ্নি সংযোগ ঘটি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ভস্মীভূত হোৱা এল্টো বাহনখন বাহনখনৰ চাৰিগৰাকী যাত্ৰীৰ প্ৰাণ সৌভাগ্যক্ৰমে ৰক্ষা পৰে যদিও আটাইকেইগৰাকীয়ে আহত হোৱা বুলি জানিব পৰা  গৈছে।

আহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

তেঁওলোকক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।

Related News