NORTHEAST NOW (Assamese)

শিৱসাগৰত নৈশ বাছ আৰু ট্ৰেভেলাৰৰ মাজত সংঘৰ্ষ : চালকসহ ১২ জন আৰক্ষী আহত

February 24, 2021 9:09 am · পাৰ্শ্বজ্যোতি গগৈ

মংগলবাৰে নিশা শিৱসাগৰত সংঘটিত হয় এক ভয়ংকৰ দূৰ্ঘটনা। নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

নৈশ বাছ আৰু ট্ৰেভেলাৰৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ১২ জনকৈ আৰক্ষী আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ বিৱৰণীৰ মতে শিৱসাগৰৰ প্ৰগতি চাৰিআলিত সংঘটিত হয় এই ভংয়কৰ দুৰ্ঘটনাটো। নগাঁও অভিমুখি মা লক্ষ্মী নামৰ ট্ৰেভেলাৰ আৰু ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা পূজা নামৰ নৈশ বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

নগাঁৱৰ অমিত শ্বাহৰ সভালৈ ডিব্ৰুগড়ৰ আৰক্ষীৰ এটা দল নিৰাপত্তাৰ বাবে গৈছিল। আৰক্ষীৰ দলটোত ১৫ জন সদস্য আছিল বুলি জানিব পৰা গৈছে।

আহতসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ট্ৰেভেলাৰৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related News