NORTHEAST NOW (Assamese)

আস্থা প্ৰকাশ : এন আৰ চি সন্দৰ্ভত সুৰ সলনি হ’ল জমিয়ত উলেমা-ই-হিন্দৰ নেতা মৌলানা আৰ্ছাদ মাদানীৰ

August 12, 2018 10:51 pm · এন ই নাও নিউজ
জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানী। ফাইল ফটো।

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিষয়ে পূৰ্বে প্ৰৰোচনামূলক মন্তব্য কৰা জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি উত্তৰ প্ৰদেশৰ বাসিন্দা মৌলানা আৰ্ছাদ মাদানীৰ সুৰ এতিয়া সলনি হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে প্ৰথম খচৰা প্ৰকাশৰ প্ৰায় এমাহ পূৰ্বে এন আৰ চিৰ পৰা ৫০ লাখ মুচলমানক বাদ দিলে অসম জ্বলিব বুলি অতি প্ৰৰোচনামূলক মন্তব্য কৰিছিল বিতৰ্কিত ইচলাম ধৰ্মীয় নেতাজনে।

কিন্তু চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পিছতে মাদানীৰ সুৰ নৰম হোৱাৰ লগতে ৪০ লাখ লোক খচৰাৰ পৰা বাদ পৰাৰ পিছতো অসমৰ জনসাধাৰণে শান্তিপূৰ্ণভাৱে তাক গ্ৰহণ কৰাটোক আৰু আইন-শৃংখলা বজাই ৰখা বাবে প্ৰশংসা কৰিছে।

আনহাতে ইচলাম ধৰ্মীয় নেতাজনে উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰো শলাগ লয়। “ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আস্থা আছে।” এইদৰে কয় জমিয়ত উলেমা-ই-হিন্দৰ নেতাজনে।

ছিয়াচত ডেইলি নামৰ উৰ্দু ভাষাৰ কাকতখনত দিয়া সাক্ষাৎকাৰত এইদৰে নিজৰ পৰিৱৰ্তিত স্থিতি প্ৰকাশ কৰে ইচলাম ধৰ্মীয় নেতাজনে।

Related News