NORTHEAST NOW (Assamese)

এই জনমদিনেই হওক হামাছৰ শেষ জনমদিন! যুদ্ধৰ দাবানলৰ মাজতে হুংকাৰ ইজৰাইলৰ

December 15, 2023 3:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 15, 2023 4:09 pm

অব্যাহত আছে ইজৰাইল-হামাছৰ ভয়ংকৰ যুদ্ধ। ইজৰাইলত হামাছৰ অতৰ্কিত আক্ৰমণৰ পিছতে সংগঠনটোক উৎখাত কৰাৰ নামত অতি ভয়াৱহ আক্ৰমণেৰে ইজৰাইলে ৰক্তাক্ত কৰি তুলিছে গাজা।

যুদ্ধৰ এই ভয়াৱহতাৰ মাজতে আজি প্ৰতিষ্ঠা কালৰ পৰা ৩৬ বছৰ পূৰ্ণ হ’ল হামাছৰ। হামাছৰ ৩৬ সংখ্যক এই প্ৰতিষ্ঠা দিৱসত হুংকাৰ দিছে ইজৰাইলে। মাইক্ৰ’ব্লগিং চাইট টুইটাৰত ইজৰাইলে হামাছক দিছে হুংকাৰ।

ইজৰাইলে এক টুইট যোগে কয়, “আজি ৩৬ বছৰ পূৰ্বে হামাছ প্ৰতিষ্ঠা হৈছিল। এই জন্মদিনটোৱেই ইয়াৰ শেষৰটো জনমদিন হওক।” লক্ষণীয়ভাৱে আজি ইজৰাইল-হামাছৰ যুদ্ধই ৭০ দিনত প্ৰৱেশ কৰিছে।

 

ইজৰাইলে হামাছক উৎখাত কৰাৰ অংগীকাৰ দিছে আৰু যোৱা তিনি মাহ ধৰি স্থল, জল আৰু বিমান আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলৰ আক্ৰমণত গাজাত ১৮,৫০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।

আনহাতে ইজৰাইলে ৭ অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলত কৰা আক্ৰমণত প্ৰায় ১২০০ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২৪০ জন পণবন্দী কৰে আৰু স্থল আক্ৰমণত ১১৩ জন সৈনিকৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।

ইতিমধ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে জয় নিশ্চিত নোহোৱালৈকে তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে। এই লক্ষ্যত ইজৰাইলক কোনোৱেই ৰখাব নোৱাৰে বুলি ঘোষণা কৰিছে নেতানিয়াহুৱে।

Related News