NORTHEAST NOW (Assamese)

মুম্বাইত চলন্ত ৰে’লৰ সন্মুখত পৰি গ’ল এটি শিশু,তাৰ পিছত কি কৰিলে এজন সাহসী ৰে’ল কৰ্মচাৰীয়ে? চাওঁক ভিডিঅ’

April 19, 2021 4:49 pm · এন ই নাও নিউজ
Updated: April 19, 2021 4:57 pm

এক শিহৰণকাৰী ঘটনাৰ ভিডিঅ’ শেহতীয়াকৈ নিজৰ টুইটাৰত প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে।

মুম্বাইৰ ভানগঞ্জ ৰে’ল ষ্টেছনৰ প্লেটফৰ্মেৰে আত্মীয়ৰ সৈতে গৈ আছিল এটি শিশু।

সেই সময়তে প্লেটফৰ্মৰ পৰা পিচলি তলৰ ৰে’ল লাইনত পৰি যায় শিশুটি।

শিশুটি ৰে’ল লাইনত পৰি যোৱাৰ সময়তে ৰে’ল লাইনেৰে দুৰন্ত গতিত আহি আছিল এখন ৰে’ল।

শিশুটিৰ সৈতে থকা আত্মীয়গৰাকীয়ে শিশুটিক বচাবলৈ চেষ্টা কৰিছিল যদিও ৰে’ল খন আহি শিশুটিৰ নিচেই কাষ পাইছিল।

শিশুটিক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সেই সময়তে সেই স্থানত উপস্থিত হৈছিল এগৰাকী সাহসী ৰে’ল কৰ্মী।

নিজৰ জীৱনকো তুচ্ছ কৰি ৰে’ল কৰ্মচাৰী ময়ুৰ ছেলকেই ৰে’ল লাইনেৰে দৌৰি আহি শিশুটিক তুলি ধৰিছিল আৰু প্লেটফৰ্মলৈ দলিয়াই দি নিজেও তড়িৎ গতিৰে প্লেটফৰ্মলৈ উঠি আহিছিল।

ফলত ৰক্ষা পৰিছিল শিশুটিৰ প্ৰাণ।

১৭ এপ্ৰিলত সংঘটিত এই ঘটনাৰ ভিডিঅ’ টুইটাৰত প্ৰকাশ কৰি কেন্দ্ৰীয় ৰ’ল মন্ত্ৰী পিযুষ গোৱেলে ৰে’ল কৰ্মচাৰী গৰাকীক প্ৰশংসা কৰিছে।

ৰে’ল মন্ত্ৰী গৰাকীয়ে তেওঁৰ টুইটাৰত এই বুলি কৈছে যে কোনো আৰ্থিক পুৰস্কাৰেৰে ৰে’ল কৰ্মচাৰী গৰাকীৰ কামৰ স্বীকৃতি দিয়াটো সম্ভৱ নহয়, তথাপি তেওঁক ৰে’ল বিভাগে পুৰস্কৃত কৰিব।

ৰে’ল কৰ্মচাৰী ময়ুৰ ছেলকেৰ প্ৰশংসাত এতিয়া পঞ্চমুখ হৈ পৰিছে নেটিজেন সকলো।

Related News