NORTHEAST NOW (Assamese)

ক’ৰ’নাতংকৰ কাৰণে উদযাপন কৰা নহয় চলিত বৰ্ষৰ মোহন বাগান দিৱস

July 13, 2020 9:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মহামাৰী ক’ৰ’না ভাইৰাছৰ প্ৰকোপৰ বাবে চলিত বৰ্ষৰ ২৯ জুলাইত আয়োজন কৰিব লগীয়া মোহন বাগান দিৱস উদযাপন কৰা নহ’ব।

মোহন বাগানৰ কাৰ্যকৰী সমিতিয়ে ক’ৰ’নাৰ সংক্ৰমণৰ ভয়াৱহাতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে।

সমিতিৰ মহাসচিব সৃঞ্জয় বসুৱে এই সন্দৰ্ভত কয়, ‍‘এই বৰ্ষটো অনিশ্চয়তাৰে পৰিপূৰ্ণ। ক’ৰ’না ভাইৰাছৰ কাৰণে সাধাৰণ লোক আৰু বিশ্ববাসীৰ বহুত ক্ষতি হৈছে তথা সকলো স্তব্দ হৈ পৰিছে’।

‍‘বৰ্তমান পৰিস্থিতিক লৈ সকলোৱে যুঁজ দি আছে। মই সম্পূৰ্ বিশ্বাসী যে আমাৰ নিৰন্তৰ প্ৰয়াসে ক’ৰ’না ভাইৰাছক নিঃশেষ কৰিব পাৰিম’, এই মন্তব্য বসুৰ।

তেওঁ লগতে কয়, ‍’২৯ জুলাইথ অনুষ্ঠিত হৈ অহা ওহন বাগান দিৱস ১৯১১ চনৰ চমকপ্ৰদ বিজয়ক লৈ আয়োজন কৰি অহা হৈছে। কিন্তু ক’ৰ’না প্ৰকোপৰ বাবে এই বছৰ আয়োজন নকৰাৰ সিদ্ধান্ত লোৱা হৈছে’।

সমতিৰ সিদ্ধান্ত অনুসৰি অনুষ্টুপিয়াকৈ আয়োজন কৰিব লগীয়া মোহন বাগান দিৱসৰ দিনা হকী খেলুৱৈ গুৰবক্স সিং আৰু ক্ৰিকেট খেলুৱৈ পলাশ নন্দীক মোহন বাগান ৰত্ন প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি হকী খেলুৱৈ অসোক কুমাৰ, ফুটবল খেলুৱৈ প্ৰণব গাংগুলী আৰু এথলীট মনোৰঞ্জন পোৰলক লাফ টাম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰিব।

আনহাতে জোছেবা বেটিয়াক সৰ্বশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মানেৰে সন্মানিত কৰা হ’ব।

Related News