NORTHEAST NOW (Assamese)
Popular Stories

Rupert Murdoch: এইবাৰকে ধৰি চাৰিবাৰ! জেৰী হলৰ সৈতে মিডিয়া সম্ৰাট ৰূপাৰ্ড মাৰ্ডকৰ বিবাহ বিচ্ছেদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2022 10:10 am

Rupert Murdoch আকৌ এবাৰ মিডিয়া সম্ৰাট ৰূপাৰ্ড মাৰ্ডকৰ বিবাহ বিচ্ছেদ ঘটিছে। তেওঁৰ বৰ্তমানৰ পত্নী তথা মডেল জেৰী হলৰ সৈতে বিবাহ বিচ্ছেদ হৈছে। অষ্ট্ৰেলিয়ান-আমেৰিকান উদ্যোগপতিজনে পূৰ্বে তিনিবাৰ বিবাহ পাশত আৱদ্ধ হৈছিল আৰু বিচ্ছেদ ঘটিছিল।

ৰূপাৰ্ড মাৰ্ডকে ২০১৬ চনৰ মাৰ্চত লণ্ডনত ৬৫ বছৰীয়া জেৰী হলক বিয়া কৰাইছিল। ফৰ্বছ আলোচনীয়ে অনুমান কৰা মতে যে মাৰ্ডকৰ মুঠ সম্পত্তিৰ মূল্য ১.৭ বিলিয়ন ডলাৰতকৈও (১৭০০ কোটি ডলাৰ) অধিক।

ৰূপাৰ্ড মাৰ্ডক আৰু জেৰী হলৰ বিয়াৰ সময়ৰ ফটো।

বিচ্ছেদ স্বত্বেও, মাৰ্ডক ফক্স নিউজ আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলকে ধৰি অন্যান্য কোম্পানীৰ মালিক হৈ আছে। তেওঁ নিউয়ৰ্ক পোষ্ট, টাইমছ অফ লণ্ডন আৰু ব্ৰিটিছ টেবলইড দ্য চানৰ গৰাকী। মাৰ্ডক বা জেৰীয়ে তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে কোনো মন্তব্য কৰা নাই।

মাৰ্ডকৰ প্ৰথম পত্নী আছিল অষ্ট্ৰেলিয়াৰ বিমান সেৱক পেট্ৰিচিয়া বুকাৰ। ১৯৬০ ৰ দশকৰ শেষৰ ফালে তেওঁৰ সৈতে মাৰ্ডকৰ বিচ্ছেদ হৈছিল।

মাৰ্ডকৰ দ্বিতীয় পত্নী এগৰাকী সাংবাদিক আছিল। নামটো আছিল আনা। ৩০ বছৰ একেলগে থকাৰ পিছত তেওঁলোক ১৯৯৯ চনত পৃথক হৈছিল।

ৰূপাৰ্ড মাৰ্ডক আৰু জেৰী হল।

মাৰ্ডকে তেতিয়া ৱেণ্ডি ডেঙক বিয়া কৰাইছিল। ২০১৩ চনত সেই বিয়াখনৰো পৰিসমাপ্তি ঘটিছিল।

জেৰী এগৰাকী অভিনেত্ৰী। তেওঁ দ্য ৰোলিং ষ্টোনৰ মুখ্য কণ্ঠশিল্পী মিক জেগাৰৰ দীৰ্ঘদিনীয়া সংগী আছিল। তেওঁলোকৰ চাৰিটা সন্তানো আছে।