NORTHEAST NOW (Assamese)

যাৰ প্ৰেমত চুম্বকৰ দৰে আকৰ্ষিত হয় নাৰী! ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল ৰূপাৰ্ট মাৰ্ডক!

August 19, 2023 8:36 am · এন ই নাও নিউজ, গুৱাহাটী
ৰূপাৰ্ট মাৰ্ডকৰ নতুন প্ৰেম। ফটো: সংগ্ৰহীত।

প্ৰেমে বয়স নুবুজে, প্ৰেমে বয়স আৰু নামানে!  ৯২ বছৰ বয়সত পুনৰ প্ৰেমত পৰিল মিডিয়া সম্ৰাট ৰূপাৰ্ট মাৰ্ডক।তেওঁৰ বৰ্তমানৰ প্ৰেমিকা ৬৬ বছৰীয়া এলেনা জুকোভা। এলেনা পেছাত এগৰাকী আণৱিক জীৱবিজ্ঞানী।

শেহতীয়াকৈ মাৰ্ডক আৰু জুকোভাক সাগৰৰ পাৰত ঘুৰি ফুৰা দেখা গৈছে। অৱশ্যে এতিয়ালৈকে দুয়োজনে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

ৰূপাৰ্ট মাৰ্ডকৰ নতুন প্ৰেম এলেনা জুকোভা। ফটো: সংগ্ৰহীত।

উল্লেখ্য যে, চলিত বছৰৰ আৰম্ভণিতে ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডকে পঞ্চমবাৰৰ বাবে বিয়া কৰাব বুলি ঘোষণা কৰিছিল। যাৰ লগত তেওঁৰ বিয়া হোৱাৰ কথা আছিল তেওঁৰ নাম আছিল এন্নে লেছলি স্মিথ (৬৬)।

আমেৰিকাৰ ছান ফ্ৰান্সিস্কোৰ এগৰাকী প্ৰাক্তন আৰক্ষী চেপলিন (পুলিচৰ বিশেষ পৰামৰ্শদাতা) আছিল লেছলি। কিন্তু এংগেজমেণ্টৰ দুসপ্তাহৰ ভিতৰতে তেওঁলোকৰ বিচ্ছেদ ঘটে।

ৰূপাৰ্ট মাৰ্ডকৰ নতুন প্ৰেম এলেনা জুকোভা। ফটো: সংগ্ৰহীত।

ৰূপাৰ্ট মাৰ্ডক অষ্ট্ৰেলিয়াৰ মিডিয়া কোম্পানী নিউজ কৰ্প’ৰেশ্যনৰ কাৰ্যবাহী অধ্যক্ষ। তেওঁৰ বৰ্তমানৰ প্ৰেমিকা এলেনা জুকোভাই আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেডিকেল ৰিচাৰ্চ ইউনিটত আণৱিক জীৱবিজ্ঞানী হিচাপে কাম কৰি আছিল।

ৰূপাৰ্ট মাৰ্ডকৰ নতুন প্ৰেম এলেনা জুকোভা। ফটো: সংগ্ৰহীত।

জানিব পৰা মতে ৰূপাৰ্ট মাৰ্ডকে চীনা মূলৰ তৃতীয় পত্নী ৱেণ্ডী ডেঙৰ জৰিয়তে জুকোভাক লগ পাইছিল।

Related News