NORTHEAST NOW (Assamese)

শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল চিকিৎসক ছাত্ৰৰ; আহত এজন

November 10, 2019 12:41 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: November 10, 2019 1:10 pm
দুৰ্ঘটনাত প্ৰাণ হেৰুৱা প্ৰত্যুষ কুজন কৌশিক

শিৱসাগৰৰ  চাৰিং দুৱৰাপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

নিহত যুৱকজনক যোৰহাটৰ মালৌ আলিৰ প্ৰত্যুষ কুজন কৌশিক বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যুষ যোৰহাট চিকিতসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ।

আহত যুৱকজনৰ নাম ৰঞ্জন বৰঠাকুৰ। ৰঞ্জনৰ ঘৰ যোৰহাটৰ তৰাজান বামুণ গাঁৱত।

প্ৰাপ্ত তথ্য মতে দুই বন্ধু প্ৰতুষ আৰু ৰঞ্জনে এ এছ ০৪ চি ১৮৫০ নম্বৰৰ মাৰুটি জেন গাড়ীৰে  ৰাতি শিৱসাগৰৰ পৰা যোৰহাটৰ ঘৰলৈ গৈ থকা অৱস্থাত পুৱতি নিশা প্ৰায় ২.৩০ মান বজাত এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ ০১ ডি চি ০০৫৪। ৰাতিৰ ঘন কুঁৱলীৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হ’ল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

গৌৰিসাগৰ আৰক্ষীয়ে দুয়োকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে প্ৰত্যুষ কুজন কৌশিকে মৃত্যুক সাবতি লয়।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰঞ্জন বৰঠাকুৰক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

Related News