NORTHEAST NOW (Assamese)
Popular Stories

জন্মও একেলগে, মৃত্যুও একেলগে! ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে এহাল যমজ ভাতৃয়ে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 18, 2021 2:48 pm

জন্মও একেলগে আৰু মৃত্যুও একেলগে।

ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে এহাল যমজ ভাতৃয়ে।

শোকাৱহ এই ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ মীৰাটত।

জ’ফ্ৰে ভাৰ্গীজ গ্ৰেগ’ৰী আৰু ৰালফ্ৰেড জৰ্জ গ্ৰেগৰী নামৰ যমজ ভাতৃ দুজনে তিনি মিনিটৰ অগা-পিছাকৈ জন্ম লাভ কৰিছিল।

তেওঁলোকৰ মৃত্যুও হয় কেইঘণ্টামানৰ ব্যৱধানত।

২৪ বৰ্ষীয় ভাতৃ দুগৰাকী পেচাত ইঞ্জিনিয়াৰ।

২৩ এপ্ৰিল তাৰিখে তেওঁলোকৰ ক’ভিড পজিটিভ ধৰা পৰে।

উল্লেখযোগ্য যে তাৰ আগদিনা দুয়োৰে জন্মদিন আছিল।

পৰিয়ালটোৰ আন এজন পুত্ৰ সন্তানৰো ক’ভিড পজিটিভ ধৰা পৰে।

তেওঁলোকক ১ মে’ তাৰিখে হস্পিতালত ভৰ্তি কৰোৱা হয়।

১০ মে’ তাৰিখে তেওঁলোকৰ নিগেটিভ পোৱা যায়।

কিন্তু ১৩ মে’ তাৰিখে হস্পিতালৰ পৰা খবৰ আহে যে জ’ফ্ৰে ভাৰ্গীজ গ্ৰেগৰীৰ মৃত্যু হৈছে।

তাৰ আগদিনা জ’ফ্ৰেই শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা বুলি হস্পিতালক জনাইছিল।

সেই সময়ত জ’ফ্ৰেৰ যমজ ভাতৃ ৰালফ্ৰেডো জীৱন মৰণৰ যুঁজ কৰিছিল।

১৪ মে’ তাৰিখে তেওঁৰো মৃত্যু হয়।

হস্পিতাল কৰ্তৃপক্ষই জনোৱামতে, যদিও তেওঁলোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছিল, কিন্তু তেওঁলোকৰ হাওঁফাওঁলৈ ই সুঁচৰি গৈছিল, যাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হয়।

দুয়োগৰাকী পুত্ৰকে হেৰুৱাই মীৰাটৰ ছেণ্ট থমাছ স্কুলৰ শিক্ষক হিচাপে কৰ্মৰত তেওঁলোকৰ পিতৃ-মাতৃ শোকত ভাগি পৰিছে।