NORTHEAST NOW (Assamese)
Popular Stories

১৪ বছৰ বয়সত বিয়া,১৮ বছৰ বয়সত হৈছিল মাতৃ; কিন্তু কঠোৰ পৰিশ্ৰমেৰে এইগৰাকী মহিলা হৈ পৰিল এগৰাকী IPS

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2024 12:47 pm

কঠোৰ মনোবল আৰু দৃঢ়তা থকা ব্যক্তিৰ জীৱনত বেছি সময় সমস্যা টিকি থাকিব নোৱাৰে। কিছুমান মানুহে অতি কম বয়সতে জীৱনৰ আটাইতকৈ কঠোৰ সময়খিনি অনুভৱ কৰে, তথাপিও তেওঁলোকৰ অদম্য আত্মবিশ্বাস আৰু সংকল্পই তেওঁলোকক সকলো সমস্যাৰ পৰা ওপৰলৈ উঠি আহি সফলতা লাভ কৰাত সহায় কৰে। আমি আজিৰ প্ৰতিবেদনত উল্লেখ কৰিম আই পি এছ এন অম্বিকা নামৰ এগৰাকী সফল ব্যক্তিত্বৰ বিষয়ে যিয়ে নিজৰ কৰ্মৰ দ্বাৰা চিন এৰি থৈ গৈছে।

এন অম্বিকাৰ সফলতাৰ যাত্ৰা যথেষ্ট প্ৰত্যাহ্বানশীল আছিল। ১৪ বছৰ বয়সতে তামিলনাডুৰ এজন আৰক্ষী বিষয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈ যথেষ্ট কষ্ট অনুভৱ কৰিছিল।আঠাইশ বছৰ বয়সলৈকে তেওঁৰ দুটা সন্তান হৈছিল। তথাপিও অম্বিকা বিচলিত নোহোৱাকৈ আগবাঢ়ি গ’ল সপোনবোৰক গুৰুত্ব দিলে। গণতন্ত্ৰ দিৱসৰ পেৰেডৰ সময়ত তেওঁৰ আই পি এছ হোৱাৰ যাত্ৰা আৰম্ভ হৈছিল, যেতিয়া আই পি এছ বিষয়াসকলক স্বামীয়ে চেলুট দিছিল এই ঘটনাই তেওঁক আই পি এছ বিষয়া হ’বলৈ উৎসাহিত কৰিছিল।

ইয়াৰ পাছত দশম শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰাৰ আগতেই অম্বিকাৰ আই পি এছ অফিচাৰ হোৱাৰ সপোন আৰম্ভ হৈছিল। তাৰ পাছত অম্বিকাই ব্যক্তিগত বিদ্যালয়ত দশম আৰু দ্বাদশ অৰ্হতা সম্পূৰ্ণ কৰি স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ইউ পি এছ চিৰ বাবে তেওঁ প্ৰস্তুতি চলাবলৈ চেন্নাইলৈ স্থানান্তৰিত হয়।

অৱশ্যে অম্বিকাৰ এই যাত্ৰাত বহু বাধাৰ সৃষ্টি হৈছিল।স্বামীয়ে অম্বিকাক তিনিবাৰকৈ ইউ পি এছ চিত ফেইল কৰাৰ পাছত ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিছিল।কিন্তু নিৰুৎসাহিত নহৈ ২০০৮ চনত চতুৰ্থবাৰৰ বাবে চেষ্টা চলাই অৱশেষত ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয়৷বৰ্তমান তেওঁ মুম্বাইৰ উপ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।এনে আৰক্ষী বিষয়া সমাজৰ উঠি অহা প্ৰজন্মৰ বাবে পাথেয়স্বৰূপ৷