NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাইৰ পঞ্চতাৰকা হোটেলত পাঁচদিনীয়াকৈ সোণাক্ষী-জাহিৰৰ বিয়া; বি-টাউন ডিজাইনাৰৰ দেখিবলৈ পোৱা গৈছে কাপোৰৰ প্ৰয়োভৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2024 12:02 pm

শীঘ্ৰেই বিয়াত বহিব সোণাক্ষী সিন্‌হাৰ। যদিও এই বিবাহক লৈ চৰ্চা চলিছে, তথাপিও সোণাক্ষীৰ বিবাহৰ খবৰ সিনহা পৰিয়ালে নিশ্চিত কৰিব পৰা নাই। কিন্তু বলীউডত চৰ্চা চলিছে যে, সোণাক্ষী সিন্‌হা আৰু জাহিৰ ইকবালৰ বিয়া ২৩ জুনত মুম্বাইত অনুষ্ঠিত হ’ব।

প্ৰথমে শুনা গ’ল যে বলীউডৰ দুগৰাকী তাৰকাই অনুষ্টুপীয়া অনুষ্ঠানত বিবাহপাশত আবদ্ধ হ’ব।কিন্তু বাস্তৱতে এনে হোৱা নাই। বৰঞ্চ আন বলীউড দম্পতীৰ দৰেই শত্ৰুঘ্ন সিন্‌হাৰ কন্যাৰ বিয়াখনো হ’ব এক গ্ৰেণ্ড অনুষ্ঠান। মুম্বাইৰ এখন ফাইভ ষ্টাৰ হোটেলত পাঁচ দিনীয়া হ’ব এই বিবাহ অনুষ্ঠান। ১৯ জুনত মুম্বাইত তেওঁলোকৰ কনচাৰ্ট অনুষ্ঠিত হ’ব।

সোণাক্ষীৰ বিবাহৰ কথা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বি-টাউনৰ সূত্ৰ অনুসৰি সোণাক্ষীক ফেশ্বন ডিজাইনাৰ আবু জানিৰে প্ৰস্তুত কৰা কাপোৰ পিন্ধিব। আনহাতে, জাহিৰ ইকবালে বিয়াৰ বাবে পৰিধান কৰিব মনীষ মালহোত্ৰাৰ কলাৰযুক্ত কুৰ্তা।