NORTHEAST NOW (Assamese)
Popular Stories

আই পি এলে সলালে ভাগ্য! মিনিটৰ ভিতৰতে কোটিপতি হ’ল পাণ দোকানীৰ পুত্ৰ শুভম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2023 5:18 pm
IPL 2024 auctions Shubham Dubey

মঙলবাৰে ডুবাইত অনুষ্ঠিত হয় আগন্তুক ছিজনৰ বাবে আই পি এলৰ খেলুৱৈৰ নিলাম। এই নিলামত খেলুৱৈৰ বিপৰীতে উঠে টকাৰ উজান। পচন্দৰ তাৰকাক দললৈ অনাৰ লক্ষ্যৰে কোটি কোটি টকা নিলামত খৰচ কৰে ফ্ৰেন্সাইজিসমূহে।

এই নিলামত অষ্ট্ৰেলিয়ান স্পীডষ্টাৰ ষ্ট্ৰাৰ্কক আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈত পৰিণত কৰি কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰে ২৪.৭৫ কোটি টকাৰ বিনিময়ত। তেওঁৰে সতীৰ্থ পেট কামিন্সক ২০.৫০ ক্ৰয় কৰে ছানৰাইজাৰ্ছ হাইদৰাবাদে।

এই দুই তাৰকাৰ বাদেও আন কেইবাগৰাকীও ক্ৰিকেটাৰৰ বাবে বিপুল পৰিমাণৰ দৰ উঠে। নিলামত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অখ্যাত কিন্তু ভাৰতৰ ঘৰুৱা ক্ৰিকেটত শেহতীয়াকৈ সুখ্যাতি অৰ্জন কৰা দুগৰাকীমান যুৱ তাৰকাৰো ভাগ্যোদয় হয়।

এনে এগৰাকী যুৱ খেলুৱৈ হৈছে শুভম ডুবে। মুহূৰ্তৰ ভিতৰতে সংবাদ শিৰোনাম হৈ পৰা ডুবেক ৰাজস্থান ৰয়েলছে ৫.৮০ কোটি টকাত ক্ৰয় কৰে। এইদৰে খন্তেক সময়ৰ ভিতৰতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে শুভম ডুবে।

লক্ষণীয়ভাৱে ডুবেৰ ভিত্তিমূল্য আছিল মাত্ৰ ২০ লাখ টকা। কিন্তু যুৱ তাৰকাগৰাকীৰ বাবে ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত হয় তীব্ৰ নিবিদা যুঁজ আৰু অৱশেষত ৰয়েলছে ৫.৮০ কোটি টকাত ডুবেক দললৈ আনে।

এইদৰে বৃহৎ পৰিমাণৰ ধনৰ আধাৰ হৈ পৰা ডুবে অৱশ্যে ফ্ৰেঞ্চাইজিসমূহৰ আকৰ্ষণৰ কাৰণ হোৱাৰ নিৰ্দিষ্ট কাৰণো আছে। নাগপুৰৰ এই ২৯ বৰ্ষীয় খেলুৱৈগৰাকীয়ে এইবাৰ ঘৰুৱা ক্ৰিকেটত সৃষ্টি কৰিছিল চমক।

ভাৰতৰ ঘৰুৱা টি-২০ প্ৰতিযোগিতা চৈয়দ মুস্তাক আলী ট্ৰফীত ৭খন মেচ খেলি ১৮৭.২৮ ষ্ট্ৰাইক ৰেটেৰে ২২২ ৰাণ সংগ্ৰহ কৰি শুভম লাইমলাইটলৈ আহে। এই কৃতিত্বই কালি ডুবাইত ভাগ্যোদয় ঘটায় শুভম ডুবেৰ।

ইয়াৰ পিছতে চৰ্চালৈ আহে ডুবেৰ জীৱন। শুভম ডুবে নাগপুৰৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান। সফলতাৰ পথত তাৰকাগৰাকীয়ে অসংখ্য বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁৰ পিতৃ পেছাত এগৰাকী পাণ দোকানী।

পিতৃ বদ্ৰীপ্ৰসাদ ডুবেৰ পাণ দোকানৰ অৰ্জনেৰে পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিছিল। আৰু এই পাণ দোকানী বদ্ৰীপ্ৰসাদ ডুবেৰ পুত্ৰই এতিয়া পৰিয়ালটোলৈ কঢ়িয়াই আনিলে সুখৰ আধাৰ; খন্তেকৰ ভিতৰতে হৈ পৰিল কোটিপতি।

ৰাজস্থান ৰয়েলছত বৃহৎ ধনৰ বিনিময়ত অন্তৰ্ভুক্ত হোৱাৰ পিছত স্বাভাৱিকতেই কিছু আশ্চৰ্য প্ৰকাশ কৰে ডুবেই। কোনো ফ্ৰেঞ্চাইজিৰ পৰা ইমান ডাঙৰ ধন আশা কৰা নাছিল আৰু সেয়ে এয়া অপ্ৰত্যাশিত বুলি মন্তব্য কৰে ডুবেই।

ডুবেই কয়, “এয়া এক অবাস্তৱ অনুভৱ। চৈয়দ মুস্তাক আলী ট্ৰফীত মই ভাল প্ৰদৰ্শন কৰিলোঁ। গতিকে, নিলামত বাছি ল’ব বুলি আশাবাদী আছিলো। কিন্তু স্পষ্টকৈ ক’বলৈ গ’লে, ইমান বৃহৎ ধনৰ আশা কৰা নাছিলো।”

ডুবেই লগতে প্ৰকাশ কৰা মতে, এসময়ত তেওঁৰ হাতত ক্ৰিকেটৰ বাবে প্ৰয়োজনীয় গ্ল’ভছ কিনিবলৈও নাছিল ধন। অৱশ্যে এই বিপদ কালত তেওঁৰ সহায় হৈ পৰে তেওঁৰ গুৰু প্ৰয়াত সুদীপ জয়ছোৱাল।

সুদীপ জয়ছোৱালেই ডুবেক সমৰ্থন আগবঢ়াই বিদৰ্ভ দলত গাইড কৰিছিল, দিছিল নতুন বেট আৰু ক্ৰিকেটৰ কিট। ‘তেওঁৰ সহায় অবিহনে জীৱনত একো অৰ্জন কৰিব নোৱাৰিলোহেঁতেন’ বুলিও স্বীকাৰ কৰে ডুবেই।

গুৰু জয়ছোৱালেই ডুবেক বিদৰ্ভৰ ১৯ বছৰ অনুৰ্ধ, ২৩ বছৰ অনুৰ্ধ আৰু ‘এ’ দলৰ মূল একাদশত অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ অবিহনে বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যনৰ দলত স্থান লাভ কৰা সম্ভৱ নহ’লহেঁতেন বুলি ডুবেই সোঁৱৰে।

এনে এক ৰুঢ় কঠিন পটভূমিৰ পৰা অহা শুভমৰ বাবে কালিৰ দিনটো হৈ পৰে জীৱন সলনি কৰা সুখকৰ মুহূৰ্ত। আৰু এতিয়া আই পি এলৰ দৰে এক বৃহৎ মঞ্চত সঞ্জু চেমছন, বাটলাৰ, অশ্বিন আদিৰ দৰে তাৰকা খেলুৱৈৰ সৈতে খেলিবলৈ সাজু হৈছে ডুবে।