NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গৰম কৰি ৰখাৰ সময়তে Radisson Blue ত চাংমা?

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী June 23, 2022 6:50 pm
মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গৰম কৰি ৰখাৰ সময়তে Radisson Blue ত চাংমা?

গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত আজি আহি উপস্থিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। অৱশ্যে খানা খাবলৈ অহা বুলিহে মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

কিন্তু হোটেলখনত বাহৰ পাতি থকা শিৱসেনাৰ বিধায়কসকলৰ সৈতে চাহমেলৰ অচিলাৰে আলোচনাত মিলিত হোৱা বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

প্ৰায় ৪৫ মিনিট সময় ৰেডিশ্যনত থাকে কনৰাড চাংমা।

উল্লেখযোগ্য যে বুধবাৰে নিশা প্ৰায় ৯.২০ বজাত পূৰ্বৰ বিধায়কৰ সৈতে যোগ দিয়ে আন চাৰি শিৱসেনাৰ বিধায়কে।

গুজৰাট বিজেপিৰ অধ্যক্ষ চন্দ্ৰকান্ত ৰঘুনাথ পাটিলৰ সৈতে আহিছিল এই চাৰি বিধায়ক। বৃহস্পতিবাৰে পুৱাৰ ভাগত আহি বিসম্বাদী গোটত যোগ দিছে আন তিনি বিধায়কে।

পূৰ্বতে অহা মুঠ বিধায়কৰ সংখ্যা আছিল ৪১ জন। ইয়াৰে ৩৪ জন আছিল শিৱসেনাৰ বিধায়ক। আন ৭ জন আছিল এন চি পিৰ বিধায়ক। এতিয়া আটাইসকল মিলি মুঠ ৪৮ জন হৈছেগৈ হোটেল ৰেডিশ্যন ব্লুত থকা বিদ্ৰোহী বিধায়কৰ সংখ্যা।

ইতিমধ্যে যোৱা নিশা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে মুম্বাইৰ মুখ্যমন্ত্ৰীৰ বাসভৱন ত্যাগ কৰিছে।

বিসম্বাদী বিধায়কৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগে লগে মহাৰাষ্ট্ৰত ঠাকৰে চৰকাৰৰ পতন প্ৰায় নিশ্চিত হৈ পৰিছে। যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে।