NORTHEAST NOW (Assamese)

বানপীড়িত ছিকিমলৈ ১ কোটি টকাৰ সাহায্য মেঘালয় চৰকাৰৰ

October 13, 2023 8:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 13, 2023 7:49 pm

মেঘালয় চৰকাৰে ছিকিমৰ বানাক্ৰান্ত জনসাধাৰণলৈ আগবঢ়াইছে ১ কোটি টকাৰ আৰ্থিক সাহায্য ।

শুকুৰবাৰে প্লেটফৰ্ম এক্সৰ জৰিয়তে এই কথা ঘোষণা কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ছিকিমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

এক্সত চাংমাই লিখিছে, ‘‘চিকিমৰ বানপীড়িত লোকসকলৰ সাহায্যৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা  ১ কোটি টকা ছিকিমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ হস্তান্তৰ কৰা হয় আৰু চিকিমৰ ভাই-ভনীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ।”

 ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ এখন জাননীত কোৱা হৈছে , “ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি মেঘালয় চৰকাৰৰ এ/চি নং ৩৮৬১৭১৮৬৪০৫, ভাৰতীয় ষ্টেট বেংক, সচিবালয় শাখাৰ পৰা চিকিমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ হস্তান্তৰ কৰা হৈছে। ছিকিমৰ বানপীড়িত লোকক সহায় কৰাৰ বাবে এই সাহাৰ্য্য পুঁজি প্ৰদান কৰা হৈছে।”

Related News