NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেক ক’ভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2020 10:27 pm
Meghalaya health minister A L Hek tests positive for COVID-19

মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেক দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

হেকে সদৰী কৰা মতে শনিবাৰে টেষ্টৰ বাবে তেওঁৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

হেক এসপ্তাহৰ বাবে নতুন দিল্লীত আছিল আৰু ১৯ অক্তোবৰত শ্বিলঙলৈ ঘূৰাৰ দুদিন পূৰ্বে গুৱাহাটীত উপস্থিত হৈছিল।

দেওবাৰলৈকে তেওঁ এটা অতিথিশালাত নিজকে আছুতীয়া কৰি ৰাখিছিল।

হেকে জনোৱা মতে তেওঁ ক’ভিড পজিটিভ চিনাক্ত হৈছে যদিও সম্পূৰ্ণ সুস্থ অৱস্থাতে আছে।

মন্ত্ৰীজনে সদৰী কৰা মতে তেওঁৰ জীয়েকো ক’ভিড পজিটিভ চিনাক্ত হৈছিল, কিন্তু শনিবাৰে টেষ্টত নিগেটিভ আহে আৰু আৰোগ্য ঘোষণা কৰা হয়।

হেক ক’ভিড পজিটিভ চিনাক্ত হোৱা মেঘালয় চৰকাৰৰ দ্বিতীয়জন মন্ত্ৰী।

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ শক্তি মন্ত্ৰী জে’মছ কে চাংমা ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

এতিয়ালৈকে মেঘালয়ৰ চাৰিগৰাকী বিধায়ক ক’ভিড পজিটিভ চিনাক্ত হৈছে।