NORTHEAST NOW (Assamese)
অসম

মেঘালয় আৰক্ষীৰ বাধাৰ বাবে কৃষ্ণাইত শতাধিক ডাম্পাৰ চালকৰ হাহাকাৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা July 4, 2019 8:59 pm
WhatsApp Image 2019-07-04 at 7.45.56 PM

ভূটানৰ পৰা বাংলাদেশলৈ শিল কঢ়িয়াই থকা ডাম্পাৰ সমূহক মেঘালয় আৰক্ষীয়ে হঠাৎ ৰাজ্যখনৰ মাজেৰে যাতায়ত বন্ধ কৰি দিয়াৰ ফলত ডাম্পাৰ চালক আৰু হেণ্ডিমেনসকলৰ মাজত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ভূটানৰ পৰা শিল কঢ়িয়াই অনা ডাম্পাৰসমূহে অসমৰ মাজেৰে মেঘালয়ৰ বাঘমাৰা হৈ বাংলাদেশলৈ দীৰ্ঘদিন ধৰি ভূটানৰ শিল যোগান ধৰি আহিছে কিন্তু মেঘালয় আৰক্ষীয়ে আকস্মিকভাৱে ডাম্পাৰ সমূহক মেঘালয়ত প্ৰৱেশৰ অনুমতি বন্ধ কৰি দিয়াৰ ফলত সম্প্ৰতি প্ৰায় শতাধিক ডাম্পাৰেৰে ভৰি পৰিছে কৃষ্ণাই-পাইকান অঞ্চল।

মেঘালয় আৰক্ষীয়ে চালক সকলক ডাম্পাৰ সমূহ মেঘালয়ৰ পৰা ওভতাই পঠোৱাৰ লগতে চালক সকলক মাৰ-ধৰ তথা অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডাম্পাৰ চালকসকলে ৷

আনহাতে, চালক সকলে জানিবলৈ দিয়ামতে তেওঁলোকৰ ওচৰত যাবতীয় নথি-পত্ৰ আৰু প্ৰয়োজনীয় অনুমতিৰ কাগজ-পত্ৰ থকাৰ পাছতো মেঘালয় আৰক্ষীয়ে কি কৰণে তেওঁলোকক বাধা প্ৰদান কৰিলে সেই কথা তেওঁলোকৰ বোধগম্য নহ’ল বুলি উল্লেখ কৰে।

মেঘালয় আৰক্ষীৰ ভূমিকাত নিৰুপায় হৈ চালক সকলে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত ডাম্পাৰ সমূহ ৰাখিছিল যদিও আৰক্ষীয়ে তাৰ পৰাও নিষ্ঠুৰভাৱে তেওঁলোকক খেদি পঠিয়াই৷

বৰ্তমান গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত শতাধিক ডাম্পাৰ সহ চালকসকল বিগত চাৰি-পাঁচ দিন ধৰি আৱদ্ধ হৈ থাকিব লগা হৈছে।

বহুসংখ্যক ডাম্পাৰৰ চালক-কৰ্মচাৰীয়ে টকাৰ অভাৱৰ বাবে অনাহাৰে কৃষ্ণাই-পাইকানত থাকিবলগীয়া পৰিস্থিতিৰ উৎভৱ হৈছে। চালকসকলৰ বাবে এতিয়া মেঘালয় হৈ বাংলাদেশ লৈ যোৱা দূৰৰ কথা আনকি ভূটানলৈ উভতি যাবৰ বাবেও গাড়ীত প্ৰযোজনীয় ইন্ধনৰ অভাৱ ঘটিছে ৷