NORTHEAST NOW (Assamese)
অসম

‘মষ্ট পপুলাৰ আৰ জে অৱ দ্যা ইয়েৰ’ৰ দৌৰত অসমৰ ৭ গৰাকী আৰ জে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 13, 2019 1:27 pm

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ ৭ গৰাকীকৈ ৰেডিঅ’ জকী (আৰ জে)ৰ নাম। ৰাষ্ট্ৰীয় সংস্থা ‘ইণ্ডিয়া ৰেডিঅ’ ফ’ৰাম’ (আই আৰ এফ)এ আয়োজন কৰা এক্সিলেন্স ইন ৰেডিঅ’ এৱাৰ্ডছৰ এই বৰ্ষৰ ‘মষ্ট পপুলাৰ আৰ জে অৱ দ্যা ইয়েৰ’ বঁটাৰ বাবে মনোনিত হৈছে অসমৰ ৭ গৰাকী আৰ জেৰ নাম।

তেওঁলোক হৈছে বিগ এফ এমৰ আৰ জে সুজিতা, আৰ জে আলিয়া, আৰ জে শুভংকৰ, ৰেড এফ এমৰ আৰ জে মেণ্ডি, আৰ জে পাহি, ৰেডিঅ’ মিৰ্চিৰ আৰ জে কুলদীপ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাস।

উল্লেখযোগ্য যে এক্সিলেন্স ইন ৰেডিঅ’ এৱাৰ্ডছত এইবাৰ সৰ্বমুঠ ৪৬টা শিতানত বঁটা আগবঢ়োৱা হ’ব। ইয়াৰে ৪৫টা শিতানৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। আনহাতে ‘মষ্ট পপুলাৰ আৰ জে অৱ দ্যা ইয়েৰ’ নিৰ্বাচন কৰা হ’ব শ্ৰোতা ৰাইজৰ ভোটৰ ভিত্তিত।