NORTHEAST NOW (Assamese)
অসম

আছু-কংগ্ৰেছ নেতাৰ লগতে অভিনেতা পুত্ৰৰো বিজেপিত যোগদান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 13, 2019 9:36 pm

বুধবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত হয় এক যোগদান অনুষ্ঠান। য’ত আছুৰ প্ৰাক্তন নেতা আৰু কংগ্ৰেছৰ প্ৰাক্তন নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। মুঠ ৫০জন কংগ্ৰেছী আৰু আছু নেতা তথা অন্যান্য জাতীয় দল-সংগঠনৰ নেতাই আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। লগতে অভিনেতা প্ৰাঞ্জল শইকীয়াৰ পুত্ৰ তন্ময় শইকীয়ায়ো আজি বিজেপিত যোগদান কৰে।

আজিৰ যোগদান অনুষ্ঠানত নলবাৰী জিলা আছুৰ সাংগঠনিক সম্পাদক ভাস্কৰ তালুকদাৰ, বাক্সা জিলা কংগ্ৰেছৰ সভাপতি ধীৰাজ ডেকা, উপ-সভাপতি হুছেইন আলী, কোষাধক্ষ্য মানিক বৰ্মণ, সাধাৰণ সম্পাদক বিশ্বজিৎ বসুমতাৰী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুমি সিংহ, ধমধমা ব্লক কংগ্ৰেছৰ সভাপতি বাসুদেৱ দাস, জালাহ ব্লক কংগ্ৰেছৰ সভাপতি পুতুল পাঠক, বাক্সা ব্লক কংগ্ৰেছৰ সভাপতি মইনুল হক চৌধুৰী, নাগ্ৰীজুলি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰানজিৎ বিশ্বাস, ৰঙিয়াৰ সমাজকৰ্মী বিকাশ লস্কৰ, কোকৰাঝাৰ আছুৰ  গৌতম দত্ত, সাজন দেৱনাথ, খিলঞ্জীয়া ছাত্ৰ সন্থাৰ উমেশ চন্দ্ৰ দাসকে ধৰি মুঠ ৫০ জনে যোগদান কৰে।

ইপিনে দলৰ মজিয়ালৈ যোগদানকাৰী সকলক আদৰণি জনায় দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়াই।

আনহাতে যোগদান অনুষ্ঠানতে ন-বিজেপি তথা বাক্সা জিলা কংগ্ৰেছৰ সভাপতি ধীৰাজ ডেকাই কংগ্ৰেছৰ সমালোচনাত ব্যস্ত হৈ পৰে। লগতে ভাষণ প্ৰসংগত তেওঁ ৰিপুন বৰাকো কটাক্ষ কৰে।

তেওঁ কয় ‘ৰিপুন বৰাৰ এটা ক্লাব চলোৱাৰো যোগ্যতা নাই। এয়া লাজ লগা কথা। তেওঁৰ ওপৰত জনসাধাৰণে কেনেকৈ আস্থা ৰাখিব?’

লগতে নামনি অসমত খিলঞ্জীয়া অস্তিত্ব সংকটত ভুগিছে বুলি দাবী কৰি ন-বিজেপিজনে কয় ‘নামনি অসমৰ বহু অঞ্চলত ন-অসমীয়াই গ্ৰাস কৰি খিলঞ্জীয়াসকলক সংকটৰ মাজলৈ থেলি দিছে।‘