NORTHEAST NOW (Assamese)
অসম

ক’ভিডত অসমত আৰু এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2020 7:37 pm
One more dies of COVID-19 in Assam

আৰু এগৰাকী ক’ভিড ৰোগীৰ দেওবাৰে অসমত মৃত্যু হৈছে।

হেমাংগ মজুমদাৰ নামৰ ৰোগীজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে।

৪৫ বছৰীয়া মজুমদাৰৰ ঘৰ আছিল খানাপাৰাত।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই সদৰী কৰা মতে ৰোগীজনক পলমকৈ চিকিৎসালয়লৈ অনা হৈছিল আৰু চিকিৎসকসকলে তেওঁক বচাব নোৱাৰিলে।

এইজন ব্যক্তিক ধৰি অসমত ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ১১গৰাকীলৈ বৃদ্ধি পালে।

অসমত এতিয়ালৈকে চিনাক্ত হোৱা মুঠ ক’ভিড আক্ৰান্ত ৭১৬৫গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

এতিয়ালৈকে অসমত ৪৮১৪গৰাকী লোক ক’ভিড মুক্ত হৈছে।