NORTHEAST NOW (Assamese)
Popular Stories

কোভিড ভেকচিন গ্ৰহণ কৰি চিকিৎসাধীন হ’ল এগৰাকী মহিলা চিকিৎসক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 11:14 am
COVID-19-Vaccine-Pfizer-1-2

কোভিড ভেকচিন গ্ৰহণ কৰি চিকিৎসাধীন হ’বলগীয়া হৈছে এজন মহিলা চিকিৎসক।

মেক্সিকোৰ ৩২ বছৰীয়া এগৰাকী মহিলা চিকিৎসকে পৰীক্ষামূলকভাৱে ফাইজাৰ-বায়’নটেকৰ ভেকচিন গ্ৰহণ কৰি চিকিৎসাধীন হোৱা বুলি জানিব পৰা গৈছে।

মেক্সিকোৰ চৰকাৰী কৰ্তৃপক্ষ জনোৱা অনুসৰি ইয়াৰ পিছতে চিকিৎসকগৰাকী অসুস্থ হৈ পৰে আৰু তেওঁক ততাতৈয়াকৈ চিকিৎসালয় ভৰ্তি কৰোৱা হয়।

দেশখনৰ উত্তৰাঞ্চলৰ নিউভ’ লিয়ন প্ৰদেশৰ এতিয়াও নাম প্ৰকাশ নকৰা চিকিৎসকগৰাকী বৰ্তমান আই চিই উত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

ইফালে দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে চিকিৎসকগৰাকীৰ পূৰ্বৰ পৰাই এলাৰ্জিটিক সমস্যা আছিল আৰু তেওঁ ভেকচিন ট্ৰায়েলৰ কোনো প্ৰমাণ নাই।