NORTHEAST NOW (Assamese)

সীমা বিবাদ: অসম-মিজোৰামৰ মুখ্য সচিবক দিল্লীলৈ মাতি পঠিয়ালে কেন্দ্ৰীয় গৃহ দপ্তৰে

July 28, 2021 12:55 pm · এন ই নাও নিউজ

ক্ৰমাৎ জটিলতাৰ মাজলৈ ধাৱমান হোৱা অসম মেঘালয় সীমা সমস্যাৰ আশু সমাধান সূত্ৰ বিচাৰি আজি কেন্দ্ৰীয় গৃহ দপ্তৰে অসম তথা মিজোৰামৰ দুই মুখ্য সচিবক দিল্লীলৈ মাতি পঠিয়ায়।

সেইমৰ্মে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পুৱাই দিল্লীলৈ উৰা মাৰিছে।

কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ নিৰ্দেশ অনুসৰি মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চৌংগয়ো দিল্লীলৈ যোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীৰ গুলীত এতিয়ালৈকে ছজন আৰক্ষীৰ জোৱান আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু ঘটিছে।

সীমান্তত এতিয়াও পৰিস্থিতি জটিল হৈয়ে আছে।

সীমা বিবাদ নিষ্পত্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ কামনা কৰিছিল। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহ সচিবে দুই ৰাজ্যৰ মুখ্য সচিব দুগৰাকীক দিল্লীলৈ মাতি পঠিয়ায়।

ইপিনে সীমান্তত গুলীচালনাৰ ঘটনাটোকলৈ মিজোৰামে এতিয়াও অসমকে দোষাৰোপ কৰি আহিছে।

শেহতীয়াকৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটাৰত এজন আহত যুৱকৰ ছবি প্ৰকাশ কৰি যুৱক জন অসম আৰক্ষীৰ গুলীত আহত হোৱা বুলি প্ৰকাশ কৰিছে আৰু তেওঁ বৰ্তমান কোলাছিব অসামৰিক চিকিৎসলায়ত চিকিৎসাধীন হৈ থকা বুলি কৈছে।

অসম চৰকাৰে মিজোৰাম সীমান্তত ৪০০০ কমাণ্ড মোতায়েন কৰিব বুলিও জানিব পৰা গৈছে।

Related News