NORTHEAST NOW (Assamese)

অনলাইন খাপ পতাৰ দিন গ’ল! এতিয়া ম’বাইল কিনক এম আই কিয়স্কত

May 14, 2019 5:37 pm · এন ই নাও নিউজ
Updated: May 14, 2019 5:57 pm
বেংগালুৰুত দেওবাৰে এম আই কিঅস্ক মুকলিৰ ছবি। সৌজন্য-- মনু কুমাৰ জে’নৰ তুইতাৰ।

জনপ্ৰিয় স্মাৰ্টফ’ন এটা কিনিবলৈ অনলাইন ফ্লেশ্ব চে’লত মূৰ ঘমাই খাপ পিতাৰ দিন আৰু অন্তৰ্ধান হোৱাৰ দিশত।

অসম তথা উত্তৰ-পূবতো ব্যাপকভাৱে জনপ্ৰিয় তথা ভাৰতৰ স্মাৰ্টফ’ন বজাৰৰ লীদাৰ চীনা ব্ৰেন্দ চাওমি-এ দেশত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰি দিছে এম আই কিয়স্ক

দেখাত এ’ টি এমৰ দৰে এই কিয়স্কত গৈ আপুনি সহজেই কিনিব পাৰিব কাম্পেনিটোৰ পচন্দৰ স্মাৰ্টফ’নকে ধৰি অন্যান্য সঁজুলিসমূহ।

এই মেচিনটোতে কাম্পেনিটোৱে জমা ৰাখিব নিজৰ সকলো সামগ্ৰী আৰু গ্ৰাহকে নগদ ধন, কাৰ্দ বা ইউনিফাইদ পে’মে’ন্তচ ইন্তাৰফে’চৰ জৰিয়তে পচন্দৰ ম’বাইল হাতে হাতে ক্ৰয় কৰিব পাৰিব।

বেংগালুৰুত দেওবাৰে এম আই কিঅস্ক মুকলিৰ ছবি। সৌজন্য– মনু কুমাৰ জে’নৰ তুইতাৰ।

ইতিমধ্যে বেংগালুৰুত এই ব্যৱস্থা আৰম্ভ হৈছে। ভাৰতৰ প্ৰযুক্তিৰ ৰাজধানীৰূপে পৰিচিত চহৰখনৰ মান্যতা পাৰ্কত যোৱা ১২ মে’ত এটা কিয়স্ক স্থাপন কৰা হৈছে।

চীনা কাম্পেনিটোৰ এই নতুন, উদ্ভাৱনী কৌশলে যোৱা দুদিনতে গ্ৰাহকৰ ব্যাপক সঁহাৰি লাভ কৰিছে।

এম আই, ভাৰতৰ উপাধ্যক্ষ মনু কুমাৰ জে’নৰ তুইত মতে এনে আৰু ৫০টা কিয়স্ক কাম্পেনিটোৱে সাজু কৰিছে। উত্তৰ-পূবত এম আইৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি হয়তো গুৱাহাটীয়েও শীঘ্ৰে এনে এটা মেচিন পোৱাৰ আশা কৰিব পাৰে।

আই দি চিৰ তথ্য।

ভাৰতত এম আই, ৰে’দ মি আৰু প’ক’ ব্ৰেণ্ডৰ অধীনত চাওমিয়ে স্মাৰ্তফ’ন আগবঢ়াই আছে। কাম্পেনিটোৰ ব্লেক শ্বাৰ্কৰ দৰে মদেলসমূহ ভাৰতত এতিয়াও মুকলি কৰা হোৱা নাই।

আই দি চি (International Data Corporation)ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় স্মাৰ্তফ’ন বজাৰত চাওমিয়ে এতিয়াও শীৰ্ষস্থান দখল কৰি আছে।

চলিত বৰ্ষৰ প্ৰথম কুৱাৰ্তাৰত ভাৰতীয় স্মাৰ্তফ’ন বজাৰত চাওমিৰ দখল ৩০.৬ শতাংশ। যোৱা বছৰৰ একেচোৱা সময়ত কাম্পেনিটোৰ বজাৰ শ্বেয়াৰ আছিল ৩০.৩ শতাংশ।

চাওমিকে ধৰি অ’প’, ৱিৱ’ আদি চীনা কাম্পেনিৰ আগমনৰ পিছতে ভাৰতৰ বজাৰত প্ৰায় অস্তিত্বহীন হৈ পৰিছে এসময়ত বজাৰ দখল কৰিবলৈ সক্ষম হোৱা মাইক্ৰ’মেক্সকে ধৰি দেশী ব্ৰেন্দসমূহ।

চীনা কাম্পেনিসমূহৰ ভাৰতীয় উৎপাদনেহে কাৰ্য্যতঃ প্ৰধান মন্ত্ৰী মোদীৰ স্বপ্ন “মে’ক ইন ইন্দিয়া”ক সাৰ্থকতা প্ৰদান কৰিছে।

এম আই-এ সদৰী কৰা মতে তেওঁলোকৰ কিঅস্কসমূহ ভাৰততে নিৰ্মিত।

Related News