NORTHEAST NOW (Assamese)

মৌন প্ৰশাসন! বোকাখাতত মাইক্ৰ’ফাইনেন্স কোম্পানীয়ে আত্মসাৎ কৰিলে ৫০০ৰো অধিক মহিলাৰ ধন

January 5, 2026 9:13 pm · এন ই নাও নিউজ, গুৱাহাটী

বোকাখাত সমষ্টিত মাইক্ৰ’ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে এক ভয়ংকৰ লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, কেইবাটাও ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানে এজেণ্টৰ জৰিয়তে ৫০০ৰো অধিক দৰিদ্ৰ মহিলাৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰিছে। সোমবাৰ্ৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি ‘বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি’য়ে এই কেলেংকাৰীৰ তথ্য ৰাজহুৱা কৰে।

সুৰক্ষা সমিতিৰ আহ্বায়ক প্ৰণৱ দলেই সংবাদমেলত জনোৱা মতে, আৰোহণ (Arohan), সমস্তা (Samasta) আৰু চেটিন (Satin) আদি কেইবাটাও মাইক্ৰ’ফাইনেন্স কোম্পানী আৰু তেওঁলোকৰ এজেণ্টসকলে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে। বোকাখাত বাগিচাৰ মঞ্জুজু কালিন্দী, পিংকি ভূঞা, চবিতা ভূঞাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও মহিলা এজেণ্টে কোম্পানীৰ মেনেজাৰসকলৰ সৈতে মিলি দৰিদ্ৰ লোকসকলৰ তথ্য সংগ্ৰহ কৰি প্ৰতিটো পৰিয়ালৰ পৰা ৪০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত আত্মসাৎ কৰিছে।

সমিতিৰ অভিযোগ যে এই সন্দৰ্ভত ইতিমধ্যে বোকাখাত আৰক্ষী-প্ৰশাসনক সকলো তথ্য আৰু এজাহাৰ প্ৰদান কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰ বা প্ৰশাসনে এতিয়ালৈকে কোনো দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা নাই। প্ৰশাসনৰ এই সন্দেহজনক নীৰৱতাৰ বাবেই লুণ্ঠনকাৰী চক্ৰটোৱে মুকলিকৈ ঘূৰি ফুৰাৰ সুযোগ পাইছে বুলি সমিতিয়ে ক্ষোভ প্ৰকাশ কৰে।

ভুক্তভোগী ৰাইজৰ পক্ষ লৈ সমিতিয়ে চৰকাৰৰ ওচৰত ৪টা মুখ্য দাবী উত্থাপন কৰিছে। (১) কেলেংকাৰীত জড়িত থকা চক্ৰটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। (২) অভিযুক্ত মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। (৩) ভুক্তভোগী মহিলাসকলৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে অথবা তেওঁলোকৰ ঋণ সম্পূৰ্ণৰূপে ৰেহাই দিব লাগে। (৪) চৰকাৰে মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানসমূহক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগে আৰু দৰিদ্ৰ লোকক বেংকৰ জৰিয়তে কম সুতত ঋণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

আজিৰ সংবাদমেলত সুৰক্ষা সমিতিৰ ভাস্কৰ শইকীয়া, ৰাজীৱ পেগুৰ লগতে লুণ্ঠনৰ বলি হোৱা কেইবাগৰাকীও মহিলা— লক্ষেশ্বৰী মুড়া, দিপালী কৰ্মকাৰ, দিপ্তী বাউৰী, ৰিবিকা চাওঁতাল আৰু ৰুমী গুৱালা উপস্থিত থাকি নিজৰ দুৰৱস্থাৰ কথা বৰ্ণনা কৰে। ভুক্তভোগী মহিলাসকলৰ সমৰ্থনত আজিৰ এই সংবাদমেলতসদৌ অসম প্রগতিশীল নাৰী সন্থা, নিখিল ভাৰত যুৱ ফেডাৰেশ্যন, কৃষক সভা আৰু ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে। চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত তেওঁলোকে তীব্ৰপ্ৰতিবাদীকাৰ্যসূচী ৰূপায়ন কৰাৰ ভাবুকি দিয়ে।

Related News