NORTHEAST NOW (Assamese)

Microfinance Incentives গোলাঘাটত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল অনুষ্ঠান সম্পন্ন

December 3, 2021 7:23 am · মীনাক্ষী ফুকন, গোলাঘাট

Microfinance Incentives গোলাঘাটত বৃহস্পতিবাৰে অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল অনুষ্ঠান সম্পন্ন হয়। বিত্ত বিভাগ, অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকন।

গোলাঘাটত পাঁচ হাজাৰ চাৰি গৰাকী মহিলাক প্ৰদান কৰা হয় ২৫ হাজাৰ টকাৰ চেক। জিলাখনত সৰ্বমুঠ ৩৪ হাজাৰ ১৬২ গৰাকী মহিলাক এই মাইক্ৰ’ ফাইনেন্স উদ্গনিমূলক আচঁনিত অন্তৰ্ভুক্ত কৰা হয়।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

ক’ভিডত স্বামীহাৰা হোৱা মহিলাকো আঢ়ৈ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

আনহাতে, কৰ’নাৰ নতুনকৈ বিশ্বত সংক্ৰমণ হৈ থকা অ’মিক্ৰন আৰু ডেল্টা ভাইৰাছ ৰোধ কৰাৰ বাবে সাজু হৈ থকা বুলি জানিব দিয়ে অসমৰ স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই।

মন্ত্ৰীগৰাকীয়ে অসমত ৫ ডিচেম্বৰৰ ভিতৰত দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ হ’ব বুলি জানিব দিয়ে।

Related News