NORTHEAST NOW (Assamese)
Popular Stories

চীন নহয়,চীনৰ প্ৰযুক্তিৰ প্ৰতি আসক্তি! টিকটক কিনিবলৈ সাজু আমেৰিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2020 2:43 pm
micro

চীন বুলি ক’লেই নাক কোঁচোৱা আমেৰিকাই চীনৰ প্ৰযুক্তিৰ প্ৰতি আসক্তি প্ৰদৰ্শন কৰা দেখা গৈছে।

ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশে চীনৰ জনপ্ৰিয় এপ টিকিটক নিষিদ্ধ কৰাৰ পিছত আমেৰিকায়ো টিকটক নিষিদ্ধ কৰাৰ কথা চিন্তা কৰি আছে।

এনে সময়তে আমেৰিকাৰ বিখ্যাত তথ্য-প্ৰযুক্তিৰ প্ৰতিষ্ঠান মাইক্ৰছফটে চীনৰ টিকটক ক্ৰয় কৰাৰ বাবে মন মেলিছে।

সেইমৰ্মে মাইক্ৰছফটৰ দায়িত্ববাহী ভাৰতীয় মূলৰ ব্যক্তি সত্য নাডেলাই হোৱাইট হাউচৰ প্ৰত্যক্ষ সহযোগত টিকটিক পৰিচালনা কৰা চীনৰ সংস্থা বাইট ডেঞ্চৰ সৈতে আলোচনাত মিলিত হৈছে।

এনে আলোচনাই ইতিবাচক ৰুপ লোৱাৰ সম্ভাৱনাই বেছি বুলি একাংশ মাৰ্কিন কাকতে বাতৰি প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে যে আমেৰিকাই শীঘ্ৰে টিকটক নিষিদ্ধ কৰিব।

ফ্লৰিডাত ট্ৰাম্পে এই ঘোষণা কৰি কয় যে বহু চিন্তা চৰ্চাৰ পিছত আমেৰিকাই টিকটকৰ বিৰুদ্ধে নিষিদ্ধকৰণৰ সিদ্ধান্ত লবলৈ আগবাঢ়িছে বুলি ট্ৰাম্পে কয়।

টিকটক প্ৰসংগত হেঁচাৰ সৃষ্টি কৰি আমেৰিকাই চীনৰ জনপ্ৰিয় এপটো হস্তগত কৰিব বিচৰা বুলি বহুতে চৰ্চা কৰিবলৈ লৈছে।

এপিনে মাক্ৰছফটে টিকটক কিনাৰ আয়োজন আৰু আনপিনে ট্ৰাম্পৰ টিকটক নিষিদ্ধ কৰাৰ হুংকাৰৰ মাজত ক’ৰৱাত কিবা যোগসূত্ৰ থাকিব পাৰে বুলি বহুতে আলোচনা কৰিছে।

আমেৰিকাই যদি টিকটক কিনে তেন্তে ভাৰতত টিকটক পুনৰ মুকলি হোৱাৰ বাট প্ৰশস্ত হ’ব।