NORTHEAST NOW (Assamese)
অসম

Microsoft Translator ত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষা, দূৰ হ’ব অনুবাদৰ সমস্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 5:46 pm
aaaaaaaa

এতিয়াৰে পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো লেখা অনুবাদ কৰাটো তেনেই সহজ হৈ পৰিব।

কাৰণ Microsoft Translator ত আজিৰে পৰা সংযুক্ত হ’ল অসমীয়া ভাষাও।

ইয়াৰ পূৰ্বে দেশৰ আন ১১ টা আঞ্চলিক ভাষাত অনুবাদৰ সুবিধা আগবঢ়াই আহিছিল Microsoft Translator-এ।

Microsoft Translatorৰ প্ৰৱন্ধক সুন্দৰ শ্ৰীনিবাসনে প্ৰকাশ কৰা মতে দেশৰ আন বহু কেইটা ভাষাত তেওঁলোকৰ প্ৰতিষ্ঠানে অনুবাদৰ সুবিধা কৰি দিছে।

অসমীয়া ভাষাৰ ক্ষেত্ৰত সেই সুবিধা হোৱা নাছিল যদিও এতিয়া আৰু সেই সমস্যা নাথাকিব।

তেওঁ লগতে কয় যে দেশৰ আৰু বহু কেইটা আঞ্চলিক ভাষাত অনুবাদৰ সুবিধা প্ৰদান কৰিবলৈ Microsoft Translator-এ পদক্ষেপ গ্ৰহণ কৰিছে।

অসমীয়ালৈ অনুবাদৰ সুবিধা উপলব্ধ হব on Microsoft Translator app, add-ins, Office 365, Bing Translator ত।

অসমীয়াৰ উপৰি বঙালী,হিন্দী,পাঞ্জাৱী,ওড়িয়া,মাৰাঠী,তামিল,তেলেগু,উৰ্দু ,গুজৰাটী,কানাড়া,মালায়ালম আদি ভাষাতো Microsoft Translator-এ অনুবাদৰ সুবিধা প্ৰদান কৰিছে।

বিশেষ পে ব্যৱহাৰ কৰি এতিয়াৰে পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো লেখনি, চিঠি-পত্ৰ আদি অনুবাদ কৰিব পৰা যাব।

ইয়াৰ ফলত সময় ৰাহি হোৱাৰ লগতে দনো ৰাহি হব বুলি ভবা হৈছে।

Microsoft Translator ৰ এনে পদক্ষেপক এতিয়া সেয়ে বিভিন্ন ক্ষেত্ৰ লোকে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।