NORTHEAST NOW (Assamese)
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি; কাহিলী পুৱাই জোকাৰি গ’ল অসমৰ বিভিন্ন অঞ্চল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 9:23 am
earthquake-1580261390-750x375-1

শুকুৰবাৰে কাহিলী পুৱাতে ৩.৭ৰিখটাৰ স্কেলৰ এটা মজলীয়া ভূমিকম্পই অসমৰ বিভিন্ন অঞ্চল জোকাৰি যায়। নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জির তথ্য অনুসৰি পুৱা ৩.২৩ বজাত ভূমিকম্পৰ জোকাৰণিটো অনুভূত হয়।

ভূমিকম্পটোৱে বিশেষকৈ কাৰ্বি আংলং, ডিমা হাচাও আৰু গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল তথা নাগালেণ্ডৰ ডিমাপুৰকে ধৰি কেইবাটাও অঞ্চল জোকাৰি যায়।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ নাগালেণ্ডৰ ডিমাপুৰৰ ৬১ কিলোমিটাৰ উত্তৰ দিশত আছিল আৰু ইয়াৰ গভীৰতা আছিল ভূপৃষ্ঠৰ ১১কিলোমিটাৰ তলত।

ভূমিকম্পটোৰ ফলত কোনো ক্ষয়ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।

উল্লেখ্য যে ৩ নৱেম্বৰৰ সন্ধিয়া ৫ বাজি ২৮ মিনিটত ৩.৫ মেগনিটিউডৰ এক ভূমিকম্পই কৰিমগঞ্জকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ।

ভূমিকম্পটোৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ ২০ কি. মি. গভীৰতাত আছিল।

সেইদৰে ২ নৱেম্বৰৰ নিশাও ১বাজি ১৩ মিনিটত ৪.৪ মেগনিটিউডৰ এক ভূমিকম্পই গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চল জোকাৰি গৈছিল।

নেছনেল চেণ্টোৰ ফ’ৰ ছিচম’ল’জিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ নংছটইনৰ পৰা প্ৰায় ২২ কিলোমিটাৰ আঁতৰত।

ভূমিকম্পটোৰ অভিকেন্দ্ৰৰ পৰা শ্বিলঙৰ দূৰত্ব ৭৫ কিলোমিটাৰ পশ্চিম দিশত আৰু গুৱাহাটীৰ দূৰত্ব ৮১কি:মি: দক্ষিণ-পশ্চিম দিশত আছিল।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সঘনাই সংঘটিত হৈ থকা ভূমিকম্পই স্বাভাৱিকতে ইয়াৰ জনসাধাৰণক উদ্বিগ্ন কৰি ৰাখিছে।